বিজনীৰ ফুলকুমাৰী নাথপৰাত অষ্টম তম বাৰ্ষিক ৰঙালী বিহুৰ উদযাপন স্থলীত কেএচিৰ মূখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন ।

সংবাদ দাতা : ৰাজীৱ বৰ্মন 

দৈনিক আমাৰ প্ৰণাম ,২৭ এপ্ৰিল , চিৰাং 
-----------------------------------
চিৰাং জিলা বিজনী মহকুমাৰ অন্তৰ্গত ফুলকুমাৰী নাথপাৰাত আজি ৰঙালী বিহু উপলক্ষে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । 
আজিৰ সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে - বিহু উদযাপন সমিতিৰ সম্পাদক ৰবেন নাথ ।
সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপত উপস্থিত থাকে কমতাপুৰ অটোনামাছ কাউন্সিল চমুকৈ KAC ৰ মূখ্য কাৰ্য্যবাহী সদস্য গোকুল বৰ্মন , কাৰ্য্যবাহী সদস্য জীবেশ ৰায় ,BTR ৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী ,KAC ৰ সদস্য প্ৰণৱ জ্যোতি বৰ্মন , চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ , অতিৰিক্ত উপায়ুক্ত নিৰ্মালী বৰুৱা , বিজনী মহকুমাধিপতি ৰাহুল গুপ্তা ,বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰ জ্যোতি ৰায় ,
BTR ৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন , চিৰাং জিলা বিজেপিৰ সভাপতি ৰিণ্টু কুমাৰ দাস , বঙাইগাঁও জিলা আক্ৰাছুৰ সম্পাদক নন্দেশ্বৰ ৰায় ,আক্ৰাছুৰ কেন্দ্ৰীয় ,জিলা , মহকুমা সমিতি বিভিন্ন পদবীত থকা ব্যাক্তিসকলে উপস্থিত থাকে । 
OBC উন্নয়ন বোৰ্ড ,SC উন্নয়ন বোৰ্ডৰ চিয়াৰমেন ,সদস্য , বিজেপিৰ মণ্ডল , বিভিন্ন যুৱ মৰ্চাৰ নেতা কৰ্মী সকলে উপস্থিত থাকে । এই অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক সকলেই উপস্থিত থাকে । বিহু উদযাপন সমিতিৰ সভাপতি মুকুল চন্দ্ৰ ৰায় ,সম‌্পাদক শান্তূ শৰ্মাকো সম্বৰ্ধনা জনায় । 
আজিৰ কাৰ্যসূচীৰ আতধৰে ৩৩ নং বিজনী বিধান সভা সমষ্টিৰ বিধায়ক তথা ফুলকুমাৰী ৰঙালী বিহু উদযাপন সমিতিৰ মূখ্য পৃষ্ঠ পোষক * অজয় কুমাৰ ৰায় । 
সম্বৰ্ধনা অনুষ্ঠান সামৰণি পিছতে অসমৰ Tv cennel newslive ৰ বিশেষ অনুষ্ঠান সুখৰ সংজ্ঞা বিচাৰি অনুষ্ঠিত হয় । সুখৰ সংজ্ঞা বিচাৰি অনুষ্ঠানত 
 কণ্ঠশিল্পীৰ 
 গীতত সন্তুষ্ট হৈ উপস্থিত 
 দৰ্শক সকলে  নাচি ভাগি আনন্দ ফুৰ্টি কৰি আনন্দত মতলীয়া হৈ পৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা