অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ১২৫০ টকাকৈ! শীঘ্ৰে ৩ হাজাৰ টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ

অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ১২৫০ টকা লাভ কৰিব। বিপৰীতে অহা বছৰৰ পৰা ৩ হাজাৰ টকালৈ ধন বৃদ্ধি কৰাৰ লক্ষ্য। একেদৰে অৰুণোদয় আঁচনিৰ অধীনত ৩৫ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভক্ত কৰাৰ লক্ষ্য বান্ধিছে চৰকাৰে।'- শুকুৰবাৰে এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ, বিত্ত আৰু উদগনি সকাহ আঁচনিৰ অধীনত মাইক্ৰফাইন্স ঋণ ৰেহাই অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও।
মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, 'দেশৰ ৫ খন ৰাজ্যৰ তালিকাত অসম নাম ৰখাৰ লক্ষ্য। বৰ্তমান অসম দেশৰ তলৰ পৰা ৬ নম্বৰ স্থানত। ৪০-৪২ শতাংশ অপৰাধ হ্ৰাস পাইছে অসমত। অহা তিনি মাহৰ ভিতৰত ১০ হাজাৰ লোকে লাভ কৰিব খোৱাপানী লাভ কৰিব।
গুৱাহাটীৰ পাহাৰত বসবাস কৰা কোনো লোকৰ উচ্ছেদ নহয়।'

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা