ঈদ উল্ ফিতৰৰ প্ৰাকক্ষনত ভেল্লাত গৰু চোৰৰ উপদ্ৰৱ #

# ঈদ উল্ ফিতৰৰ  প্ৰাকক্ষনত ভেল্লাত গৰু  চোৰৰ উপদ্ৰৱ # 
 
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৬ এপ্ৰিলঃ সমাগত ঈদ উল ফিতত প্ৰাকক্ষনত বৰপেটা জিলা তথা সদৰ অাৰক্ষী থানাৰ অন্তৰ্গত ভেল্লাত চোৰৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে গঞা ৰাইজৰ। জানিব পৰা মতে আজি ভেল্লাত চোৰৰ হাতৰ পৰা দুটাকৈ চোৰাং গৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, যোৱা নিশা প্ৰায় অাঢ়ৈ বজাত চোৰে গৰু দুটা নি থকা সময়ত স্থানীয় একাংশ  লোকে প্ৰত্যক্ষ কৰে। পিছে স্থানীয় লোকৰ সৈতে  মূখামূখি হোৱাত ততাতয়াকৈ গৰু দুটা এৰি চোৰে পলায়ন কৰে। ইপিনে ভেল্লাৰ পৰা বাটিকুৰিহালৈ যোৱা পথত উদ্ধাৰ হোৱা গৰু দুটাৰ গৰাকী বাতৰি লিখা পৰলৈকে ওলোৱা নাই। অানকি গৰু দুটা কৰ পৰা আৰু কোন চোৰে আনি ভেল্লাৰ মাজেৰে কলৈ নিবলৈ ওলাইছিল সেইয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই বিষয়ে বৰপেটা সদৰ আৰক্ষী থানাক অৱগত কৰোৱা হৈছে। সম্প্ৰতি গৰু দুটা ভেল্লাৰ স্থানীয় সাংবাদিক মুকুট আলীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে। (ফটো অাছে)

Comments