নলীগাঁও সমলকেন্দ্ৰত সম্প্ৰদায় উৎসৱৰ প্ৰস্তুতি

#  #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩০ এপ্ৰিলঃ বৰপেটা সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত বৰপেটা শিক্ষা খণ্ডৰ নলীগাঁও মণ্ডল সমল কেন্দ্ৰত মে মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হবলগীয়া  সম্প্ৰদায় উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। সম্প্ৰদায় উৎসৱ যাতে সফলভাৱে সম্পন্ন হয় তাৰ প্ৰস্তুতি সন্দৰ্ভত এখন সভা আজি নলীগাঁও সমল কেন্দ্ৰৰ নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাত অনুষ্ঠিত হৈ যায়। নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ প্ৰধানশিক্ষক ৰাইজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত ভক্তৰডবা আৰু নলীগাঁও সমল কেন্দ্ৰৰ প্ৰায় শতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। নলীগাঁও সমল কেন্দ্ৰৰ সমন্বয়ক ৰাহুল আমিনে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ভক্তৰডবা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ছামছুল হকে বিভাগীয় যোগান দিয়া একাডেমীক কেলেণ্ডাৰৰ বিষয়ে বহলাই কয়। সভাত দুয়োখন সমল কেন্দ্ৰৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে বিকল্প শৈক্ষিক দিনপঞ্জি আৰু একাডেমীক কেলেণ্ডাৰ বিতৰণ কৰা হয়। সভাত  এন কে ছোৱালী হাইস্কুলৰ প্ৰধানশিক্ষক ইয়াকুব আলী আহমেদ,  ১৭৩৯ নং হাজী জাফৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক ছুলেমান আলী শিকদাৰ, ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক সৰবেশ আলী, ১৪৪৬ নং কাৱৈমাৰী ১০ নং ব্লক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক বকুল বৰ্মন,১৩৫৪/৯ নং কাৱৈমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল হুছেইন, ১৬৩৪ নং উত্তৰ নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী সাহনাজ চুলতানা, নলী গাওঁ ছোৱালী এম ই মাদ্ৰাছাৰ আৰবী শিক্ষক আব্দুল জব্বৰ আলী আদিকে কৰি বিভিন্নজনে গঠন পৰামৰ্শ আগবঢ়ায়‌। সভাত বিভিন্ন আলোচনাৰ অন্তত ১০মেৰ পৰা  ১৪ মেৰ ভিতৰত সম্প্ৰদায় উৎসৱ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাৰ অন্তত এন কে ছোৱালী হাইস্কুলৰ প্ৰধানশিক্ষক ইয়াকুব আলী আহমেদ, দেশভক্ত হাইস্কুলৰ প্ৰধানশিক্ষক আব্দুৰ ৰহমান,  দক্ষিণ দেশভক্ত প্ৰি ছিনিয়ৰ মাদ্ৰাছাৰ প্ৰধানশিক্ষক নাছিৰ উদ্দিন খান আৰু নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছাৰ প্ৰধানশিক্ষক আব্দুল হকক উপদেষ্টা , নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ প্ৰধানশিক্ষক ৰাইজ উদ্দিন আহমেদক সভাপতি,  ১৭৩৯ হাজী জাফৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক ছুলেমান আলী সিকদাৰক সম্পাদক হিচাপে লৈ অভ্যৰ্থনা কমিটি গঠন কৰা হয়। আনহাতে অভ্যৰ্থনা সমিতিৰ সদস্য হিচাপে এন কে ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী নুৰজাহান পাৰবীন,
নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছাৰ সহকাৰী শিক্ষক ছামছুল হক,উত্তৰ নলীগাঁও বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী বিপটী ভূঞা, ১৪৪৬ নং কাৱৈমাৰী ১০ নং ব্লক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক বকুল বৰ্মন আৰু ১৩৫৪/৯ নং কাৱৈমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল হুছেইনক বাচনি কৰা হয়। আজিৰ সভাই অভ্যৰ্থনা সমিতিক বিভাগীয় কতৃপক্ষৰ লগত আলোচনা কৰি চূড়ান্ত তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ কতৃত্ব প্ৰদান কৰে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা