চিকিৎসাৰ ক্ষেত্ৰত নামনি অসমৰ 'ছুপাৰ হাৱ' হ'ব বৰপেটা, কাইলৈৰ পৰা মুকলি হ'ব কেঞ্চাৰ চিকিৎসালয় #

# চিকিৎসাৰ ক্ষেত্ৰত নামনি অসমৰ 'ছুপাৰ হাৱ' হ'ব বৰপেটা, কাইলৈৰ পৰা মুকলি হ'ব কেঞ্চাৰ চিকিৎসালয় #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ এপ্ৰিলঃ ৰাজ্যৰ ৭ খন নগৰত কাইলৈৰ পৰা জনসাধাৰণৰ বাবে মুকলি হ'ব ৰাজ্যিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠান। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ (২৮ এপ্ৰিল) ডিব্ৰুগড়ৰ পৰা ক্ৰমে ডিব্ৰুগড়, বৰপেটা, যোৰহাট, তেজপুৰ,লক্ষিমপুৰ, শিলচৰ আৰু কোকৰাঝাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা এই ৭ খন কৰ্কট চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰাৰ উপৰিও তিনিচুকীয়া, নলবাৰী, নগাঁও, শিৱসাগৰ, গোৱালপাৰা, গোলাঘাট তথা ধুবুৰীতো একেদিনাই আন সাতখন কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব বুলি প্ৰকাশ। আনহাতে বৰপেটাত কৰ্কট চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰাক লৈ আজি কিছু দিন ধৰি বৰপেটা চিকিৎসা মহাবিদ্যালয় চৌহদত নিৰ্মিয়মান কৰ্কট চিকিৎসা প্ৰতিষ্ঠানত যুদ্ধ কালীন ক্ষিপ্ৰতাৰে কাম চলাই এতিয়া প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। লক্ষনীয়ভাৱে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সংলগ্ন কৰ্কট চিকিৎসা প্ৰতিষ্ঠান সম্পূৰ্ণ হৈ ইয়াৰ সেৱা চলি আছে। জানিব পৰা মতে বৰপেটা আৰু ডিব্ৰুগড়ত মুকলি হ'বলগীয়া কৰ্কট চিকিৎসা প্ৰতিষ্ঠান দুখন দ্বিতীয় স্তৰৰ (লেভেল টু ) চিকিৎসালয় হিচাপে ধৰা হৈছে। দুয়োখন ক্ৰমে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়ত সংলগ্ন হৈ থাকিব। এই দুয়োখনতে ৰাজ্যিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ দৰে অ' পি ডি, ডে কেয়াৰ, ইণ্ড'ৰ চাৰ্ভিচ, নিউক্লীয়াৰ মেডিচিন আদি আন আন সুবিধা সমুহ উপলব্ধ হ'ব। বাকী কাইলৈ মুকলি হ'বলগীয়া ৫ খন কৰ্কট চিকিৎসা প্ৰতিষ্ঠান জিলা স্তৰৰ হিচাপে পৰিচিত হ'ব। এই পাঁচখন প্ৰতিষ্ঠানত চিকিৎসাধীন জটিল ৰোগীসকলক ৰাজ্যিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠান আৰু দ্বিতীয় স্তৰৰ চিকিৎসা প্ৰতিষ্ঠান ক্ৰমে বৰপেটা আৰু ডিব্ৰুগড়লৈ ৰোগী প্ৰেৰণৰ ব্যৱস্হা ৰখা হ'ব বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত কৰ্কট চিকিৎসা প্ৰতিষ্ঠান সমুহ নিৰ্মাণত ৰাজ্য চৰকাৰে আন্তঃগাথঁনি নিৰ্মাণ আৰু টাটা ট্ৰাষ্টে যাৱতীয় চিকিৎসা সজুঁলি, চিকিৎসক, চিকিৎসা কৰ্মী, নিয়োগ আৰু প্ৰশিক্ষণ আদিৰ বাবে ধন বিনিয়োগ কৰিছে বুলি প্ৰকাশ। ৰাজ্যৰ কৰ্কট ৰোগী সকলৰ বাবে এই চিকিৎসা প্ৰতিষ্ঠান স্থাপনে এক আশাৰ বতৰা কঢ়িয়াই আনিছে । আনহাতে ৰাজ্য চৰকাৰ আৰু জাপানৰ প্ৰতিষ্ঠান 'জাইকা'ৰ উদ্যোগত ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ত ছুপাৰ স্পেপিয়েলিটী হাস্পিটাল  নিৰ্মাণৰো আঁচনি গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ইয়াক চূড়ান্ত কৰা হৈছে। ৰাজ্যৰ কেইবাখনো চহৰৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয় চৌহদত অতি শীঘ্ৰেই ছুপাৰ স্পেপিয়েলিটী হাস্পতাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। সেয়া হ'লে বৰপেটা হ'ব নামনি অসমৰ এক উল্লেখযোগ্য 'চিকিৎসা হাৱ'লৈ পৰিবৰ্তন হ'ব বুলি আশা কৰা হৈছে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা