যাত্ৰীবাহী ৰে'ল ৰখোৱাৰ দাবীত খৈৰাবাৰী ৰে'ল ষ্টেচনত চাঁ‌ৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট।


দৈনিক আমাৰ প্ৰণাম ,২৯ এপ্ৰিল , -----------------ভেৰগাঁও

বৃহত্তৰ খৈৰাবাৰী অঞ্চলবাসীৰ সবিধাৰ্থে খৈৰাবাৰী চহৰ স্থিত ৰে'ল ষ্টেচনত যাত্ৰীবাহী ৰে'ল সেৱা উপলব্ধ আছিল যদিও যোৱা ক'ভিড-১৯ লকডাউনৰ পৰা খৈৰাবাৰী ষ্টেচনত ৰেল সেৱা বন্ধ হৈ আছে,
যাৰ ফলত বৃহত্তৰ খৈৰাবাৰী অঞ্চল উন্নয়ন সাধন হোৱাত ব্যাঘাত হানাৰ লগতে যাত্ৰী সকল যাতায়তৰ সমস্যাত ভোগীব লগা হৈছে।
তাৰ পৰিপ্ৰেক্ষিতত আজি নাগৰিক মঞ্চৰ উদ্যোগত, খৈৰাবাৰী ব্যবসায়ী সন্থা, বেংগলী  যুব ছাত্ৰ ফেডাৰেচন, আদিবাসী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠনৰ সহযোগত পুৱা ৬ বজাৰ পৰা ১০ বজালৈ খৈৰাবাৰী ৰেল ষ্টেচনত চাঁ‌ৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।।
নাগৰিক মঞ্চ আৰু বৃহত্তৰ খৈৰাবাৰী ৰাইজৰ দাবীঃ-- ৰঙিয়া-মুৰ্কংচেলেক উজনি মুৱা ৰে'ল,  মুৰ্কংচেলেক- ৰঙিয়া নামনিমুৱা ৰে'ল আৰু ডেকাৰ গাঁও -- গুৱাহাটী,  গুৱাহাটী--ডেকাৰ গাঁও ইন্টাৰচিটী ৰেল সমূহ  খৈৰাবাৰী ষ্টেচনত ৰখোৱাব লাগে তাৰ 
 দাবীত অৰ্ধ সহশ্ৰাধিক ৰাইজৰ সমাগমত হাতে হাতে প্লে কাৰ্ড লৈ ৰেলপথত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি  উৰ্ধ্বতম কতৃপক্ষলৈ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা