ভক্তৰডবাৰ বহুমুখী সমবায় সমিতিৰ গ্ৰাহকৰ লাখ লাখ টকা আত্মসাতৰ ফন্দি পৰিচালক আফছাৰ জামানৰ।

# ভুক্তভোগী গ্ৰাহকৰ প্ৰশ্ন দুৰ্নীতিগ্ৰস্ত পৰিচালকক নাকী লগাব পাৰিবনে উৰ্ধতম কৰ্তৃপক্ষই ।

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ এপ্ৰিলঃ  ৰাজ্যৰ দক্ষ্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে শূণ্য  সহনশীল নীতি অৱলম্বণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহাৰ পিছৰে পৰা বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সময়ত একাংশ বেচৰকাৰী বিত্তীয় সংস্থাই গ্ৰাহকৰ ধন আত্মসাত কৰাৰ ফন্দি কৰা ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে। সম্প্ৰতি এনে এক ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে ৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ভক্তৰডবাত। প্ৰাপ্ত তথ্য মতে বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচৰকাৰী সংস্থা অসম বহুমুখী সমবায় সমিতিৰ ভক্তৰডোবাস্থিত শাখা পৰিচালক আফছাৰ জামানে সমিতিখনৰ প্ৰায় শতাধিক গ্ৰাহক ৰাইজৰ বৃহৎ পৰিমানৰ ধন সংগ্ৰহ কৰি কৌশলগতভাৱে নিজৰ মৈমতালিৰে গো-গ্ৰাসে ভক্ষন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সহজ-সৰল দৰিদ্ৰ গ্ৰাহকে। উল্লেখ্য যে, ব্যাপক বিত্তীয় দুৰ্নীতিৰ আশ্ৰয় গ্ৰহন কৰি অহা শাখা পৰিচালক জামানে গ্ৰাহকৰ ধন লেন-দেনৰ ক্ষেত্ৰত বিভিন্ন সময়ত গ্ৰাহকৰ সৈতে তাতবাটিকাঢ়ি অহা বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ মতে সাধাৰণ জনতাৰ পৰা ক্ষুদ্ৰ সঞ্চয়ৰ নামত প্ৰতিদিনে  সংগ্ৰহ কৰা লক্ষ্য লক্ষ্য টকা শাখা পৰিচালক আফছাৰ জামানে গ্ৰাহকক আওতাত ৰাখি নিজৰ খেয়ালখুচি মতে আত্মাসাত কৰাৰ এক প্ৰয়াস চলাই থকা বুলি বুজন সংখ্যক গ্ৰাহকে জানিবলৈ দিয়ে। স্মৰ্তব্য যে, বিগত কেইবামাহ পুৰ্বৰে পৰা কাৰ্যালয়খন বন্ধ ৰাখি  নানা দুৰ্নীতিত নিমজ্জিত হৈ অহা জামানে একাংশ গ্ৰাহকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি প্ৰদান কৰি পলায়নবাদী মনোভাৱ গ্ৰহন কৰাত প্ৰায় শতাধিক গ্ৰাহকে ক্ষোভ ব্যক্ত কৰে। প্ৰণিধানযোগ্য যে, বেচৰকাৰী সমবায় সমিতিখনত ধন জমা ৰখা সিংহভাগ ভুক্তভোগী দৰিদ্ৰ গ্ৰাহক ৰাইজে সমবায়খন বন্ধ ৰখাৰ ফলত ধন লেনদেন কৰাত ভীষন অসুবিধাৰ সৃষ্টি হয়। ইপিনে কেইবাবাৰ সামাজিক মেল-মিটিংত গ্ৰাহক সকলৰ জমাধন ওভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও উক্ত প্ৰতিশ্ৰুতি ৰক্ষা নকৰি ভৰিৰে মুহাৰি পেলায় পৰিচালক আফছাৰ জামানে । সম্প্ৰতি দুৰ্নীতি পৰায়ণ আফছাৰ জামানে বিভিন্ন সময়ত সংঘটিত কৰা বহু কেলেংকাৰিত সাঙোৰ খোৱাৰ তথ্য পোহৰলৈ আহিব ধৰিছে। পিছে  বহুমুখী সমবায় সমিতিখনৰ শাখা পৰিচালক আফছাৰ জামানে ক্ৰমে জুব্বাৰ আলী আহমেদ ৩৪৯৮০ টকা,ছানোৱাৰ হুছেইন ৩৮২৬৬ টকা,মহিদুল হক ১৪৪৯০ টকা,ৰাইজ উদ্দিন ২৮৪৩২টকা,জাহিৰ আলী ৪২৭১ টকা ,সাজাহান শিকদাৰ ১১৮৭২ টকা ,মুমতাজ বেগম ১২০০,আৰমান আলী৬০০ টকা,ময়নুদ্দিন ২৮৬২ টকা,গিয়াছ উদ্দিন ৩০৭৪ টকা ,গোলাপ  খান ১৮৫৫ টকা , শ্বৰিফুল ইছলাম ৯১১৬ টকা ,আছমা খাতুন ২১৬২৪ টকা, মাজম আলী ১১১৩০টকা ,তহুৰ উদ্দিন ১১০২৪টকা ,ৰহমান উদ্দিন ১৩৪০০ টকা,জাহিদুল ইছলাম ১১৪৪৮ টকা,নুৰ আমিন ৫৫১২ টকা , অখিল চন্দ্ৰ সাহা ৩৭৬৩০ টকা,আব্দুৰ ৰহমান ১৯০৮০ টকা,মহিদুল ইছলাম ৩৭৫০০টকা,সাহাব আলী ১৪০০০টকা,মফিদুল ইছলাম ৯০১০টকা ,জমিৰ হুছেইন ৩২০০টকা, সাজিদ আলী১৭৫৯৬  টকা,হাবেল উদ্দিন ১০৮১২টকা, সমেলা খাতুন ১৯০৮০টকা,কুচমা বেগম ৬৭৮৪ টকা, সফিকুল ইছলাম ৩২৮০০ টকা, ছাহেদ আলী ১২০০০ টকা, ছুৰত জামাল ৪৩৫০ টকা আদি কৰি শতাধিক গ্ৰাহকৰ পৰা কেইবা লক্ষ্যাধিক টকা সংগ্ৰহ কৰি উভতাই নিদিয়াত ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে । অনাগত সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে । কিয়নো কিছুমান শিক্ষিত যুৱক সকলক চাকৰি প্ৰদানৰ নামত অসম বহুমুখী সমবায় সমিতিৰ বিষয়ববীয়া সকলে প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰি  আত্মসাৎ কৰা বুলি জানিব পৰা গৈছে । সেয়ে চৰজমিন তদন্তৰ পাছত সকলো বোৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে । সম্প্ৰতি চাকৰিৰ নামত শ-শ যুৱকক প্ৰতাৰণা কৰা কোন এই প্ৰতাৰক অসম চৰকাৰৰ নজৰত পৰিবনে বুলি সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। যদিও বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষই কি ভুমিকা গ্ৰহন কৰে সেয়া  সময়ত লক্ষণীয় বিষয় হব। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা