১ মে’ৰ পৰা মানসত বন্ধ থাকিব হাতী ছাফাৰী, নৌকা বিহাৰ, বাংলো

মানসত বন্ধ হ’ব হাতী ছাফাৰীৰ লগতে বেকী নদীত নৌকা বিহাৰ৷ লগতে পৰ্যটকৰ বাবে বন্ধ থাকিব মথনগুৰিত থকা বিভাগৰ বাংলোসমূহ৷ অহা ১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী, নৌকা বিহাৰসহ মথনগুৰিৰ বাংলো৷ গ্ৰীষ্মৰ আগমণ তথা বাৰিষাৰ বাবেই অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব এই সেৱাসমূহ৷

উদ্যান কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি, অতিপাত গৰমৰ বাবে হাতীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা হৈছে হাতী ছাফাৰী৷ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেৰে বৈ যোৱা বেঁকী নৈৰ জলস্তৰ বৃদ্ধিৰ বাবে বন্ধ ৰখা হৈছে নৌকা বিহাৰো৷ সেইদৰে বাট পথৰ শোচনীয় অৱস্থাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী ৰেঞ্জৰ  উচিলা কেম্পৰ পৰা চৰফুলি কেম্পলৈ সম্পূৰ্ণ পথছোৱা বন্ধ থাকিব পৰ্যটকৰ বাবে৷ ইয়াৰোপৰি বাৰিষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ তথা মঠনগুৰিৰ বাংলোসমূহো বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ এই কথা সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে মানসৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বাবুল ব্ৰহ্মই৷
তেওঁ কয়, গৰমৰ বাবে হাতীক জিৰণি দিয়াৰ স্বাৰ্থত হাতী ছাফাৰী বন্ধ থাকিলেও অৱশ্যে উদ্যানখনত কেইটামানত পথত জীপ ছাফাৰীৰ লগতে অন্যান্য সুবিধা উপলব্ধ থাকিব৷ যাৰ সুবিধা পৰ্যটকসকলে উপভোগ কৰিব পাৰিব ৷ উল্লেখ্য যে এতিয়াও পৰ্যটকেৰে ভৰি আছে মানস ৰাষ্ট্ৰীয় উদ্যান৷ ৰাষ্ট্ৰীয় উদ্যানখনলৈ দেশী–বিদেশী পৰ্যটকৰ সোঁত এতিয়াও অব্যাহত আছে৷ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ব্ৰহ্মই জানিব দিয়া মতে, পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বন্ধ হৈ থাকিব হাতী ছাফাৰী, নৌকা বিহাৰ আৰু মথনগুৰিৰ বাংলোসমূহ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা