অৰুণোদয় আচনিৰ পৰা বঞ্চিত পালেংবাৰী পঞ্চায়তৰ শ শ মহিলাই উলাই আহিল ৰাজপথত। জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ

অৰুণোদয় আচনিৰ পৰা বঞ্চিত পালেংবাৰী পঞ্চায়তৰ শ শ মহিলাই উলাই আহিল ৰাজপথত। জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান।

মাণিকপুৰ ২৮ এপ্ৰিলঃ অসম চৰকাৰৰ জনপ্ৰিয় আচনি অৰুণোদয় আচনিৰ পৰা বঞ্চিত হৈ আছে বঙাইগাঁও জিলাৰ তিনিখনকৈ পঞ্চায়তৰ শ শ মহিলা হিতাধিকাৰী। বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ , পালেংবাৰী গাওঁ পঞ্চায়তৰ কেইবা শতাধিক মহিলাই ৰাজ্য চৰকাৰৰ জনপ্ৰিয় অৰুণোদয় আচনিৰ পৰা বঞ্চিত হৈ আছে। যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি তুলিছে তেনেসময়ত এই তিনিখনকৈ পঞ্চায়তৰ দৰিদ্ৰ মহিলা সকলে আচনিৰ পৰা বঞ্চিত হৈ থকাত ক্ষুব্ধ হৈ পৰিছে। এফালে মুল্যবৃদ্ধিৰ মাধমাৰ আনফালে অৰুণোদয় আঁচনিৰ পৰা সম্পূৰ্ণ বঞ্চিত হোৱা তিনি পঞ্চায়তৰ দৰিদ্ৰ মহিলাসকলে ৰাজপথত উলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লগতে পালেংবাৰী গাওঁ পঞ্চায়তৰ সচিবৰ জৰিয়তে বঙাইগাঁও জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

প্ৰেৰকঃ আজিজুল হক (মাণিকপুৰ)
যোগাযোগ নম্বৰঃ 8638276934 /9613759768

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা