বিজনীৰ ৩ নং বিষ্ণুপুৰ বজাৰত আয়ুছমান ভাৰত স্বাস্থ্য মেলা

বিজনীৰ ৩ নং বিষ্ণুপুৰ বজাৰত আয়ুছমান ভাৰত স্বাস্থ্য মেলা । 
স্বাস্থ্য মেলাৰ দ্বাৰ উন্মোচন কৰে - BTR ৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী ।

সংবাদ দাতা : ৰাজীৱ বৰ্মন 

দৈনিক আমাৰ প্ৰণাম ,২২ এপ্ৰিল ,২২ ইং 
----------------------------
চিৰাঙৰ বিজনীৰ ৩ নং বিষ্ণুপুৰ বজাৰত শুকুৰবাৰে আয়ুষ্মান ভাৰত  ব্লোক হেল্থ  মেলা অনুষ্ঠিত হয়। বল্লামগুৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই স্বাস্থ্য মেলাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে । উল্লেখ্য জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা সৃষ্টিৰ বাবেই এই স্বাস্থ্য মেলাখন আয়োজন কৰা হয় । স্বাস্থ্য মেলাখনত বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সৰ্বসাধাৰণ লোকৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়।
আজিৰ কাৰ্যসূচীত উপস্থিত থাকে - ড° কৃষ্ণ কেম্প্ৰাই   স্বাস্থ্য পৰিচালনক ,বিটিচি 
ড° দেৱানন্দ বনিক্য ,যুটীয়া সঞ্চালক , জিলা স্বাস্থ্য সমাজ 
চিৰাং 
সমেশ্বৰ মুছাহাৰী ,জিলা সমাজকল্যান বিষয়া 
 চিৰাং ,
ড° ৰবিৰাম ঔৱাৰী , বিজনী মহকুমা স্বাস্থ্য বিষয়া ।
ড° চিত্তৰঞ্জন হালদাৰ , মহকুমা স্বাস্থ্য বিষয়া , বল্লমগুৰী খণ্ড প্ৰাথমিক খণ্ড ।
বি,এন দাস, শিশু বিকাশ প্ৰকল্প বিষয়া ,
বড়োবজাৰ খণ্ড ।
ৰূপালী নাৰ্জাৰী , প্ৰবন্ধক খণ্ড আঁচনি ,বল্লমগুৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। 
কৰ্ণ বৰ্মন ,জিলা সমন্বয়ক , পিৰামল স্বাস্থ্য । 
৩ নং বজাৰ সমিতিৰ সভাপতি বাপ্পী তালুকদাৰ , মানস মণ্ডল বিজেপিৰ সম্পাদক * সুশীল চক্ৰৱৰ্তী , বিষ্ণুপুৰ ভিচিডিচিৰ চিয়াৰমেন অজিৎ মণ্ডল , সমাজকৰ্মী পৰমেশ্বৰ সৰকাৰ ,গাওবুঢ়া বাদল চন্দ্ৰ চন্দৰ লগতে এই অঞ্চলৰ অংগনবাডী চেণ্টাৰৰ কৰ্মী ,সহায়িকা ,আশা কৰ্মী 
সকলেই উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা