বঙাইগাঁৱত ১০ টা চোৰাং গৰু সহ ৩ গৰাকী গৰু সৰবৰাহকাৰী শ্ৰমিক আটক


বঙাইগাঁৱৰ প্ৰতিবেদক ৩০ এপ্ৰিলঃ- ৰাজ্য চৰকাৰে গৰু সৰবৰাহ কৰাত যিমান কঠোৰ হৈছে, চোৰাং গৰু বেপাৰীয়ে সিমানেই নতুন নতুন কৌশল অৱলম্বন কৰি গো-সৰবৰাহ অভ্যাহত ৰাখিছে। কালি সন্ধিয়া বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানা আৰু বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত ১০ টা গৰুসহ ৩ জন শ্ৰমিক একাংশ লোকে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। কীৰ্ত্তনপাৰাৰ পৰা ৪ টা আৰু বৰইচালাৰ পৰা ৬ টা গৰু জব্দ কৰে। হৰিৰচৰৰ আনোৱাৰ হুচেইনে দীৰ্ঘদিন ধৰি বহিঃৰাজ্য আৰু আন আন জিলাৰ পৰা পশুধন সৰবৰাহ কৰি আহিছে। কালি নিশা চিৰাং জিলাৰ পৰা বঙাইগাঁৱ  জিলাৰ  হৈ বৰপেটা জিলালৈ গৈ থকা অৱস্থাত গৰু কেইটা জব্দ কৰে। উল্লেখ্য যে কোকিলা অঞ্চলৰ ওচমানী বজাৰ, কীৰ্ত্তনপাৰা , বৰইচালা, হৰিৰচৰ, গোলাপাৰা আৰু নাম্বাৰপাৰাত অবৈধ গৰুৰ ছিণ্ডিকেট গঢ়ি উঠিছে। বহিঃৰাজ্যৰ পৰা আনি এই ঠাইৰ পৰা বঙাইগাঁও আৰু বৰপেটা জিলাৰ বিভিন্ন ঠাইত প্ৰেৰন কৰে।

প্ৰেৰকঃ কুৰবান আলী আহমেদ, কোকিলা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা