দালানৰ সন্মুখত থিয় নামেৰে আকাশ বতাহ মুখৰিতঃ
ৰূপান্তৰিত কৰে বৈকুণ্ঠ পুৰীলৈ
অৰ্ধ লক্ষাধিক ভক্তৰ বৰপেটা কীৰ্ত্তনঘৰত সমাবেশ #
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২১ এপ্ৰিলঃ বৰপেটা জিলাবাসীৰ হিয়াৰ আমঠু 'বৰপেটা কীৰ্ত্তনঘৰ'। লোক সংস্কৃতিৰ অন্তৰ্ভুক্ত যিকোনো উৎসৱ পাৰ্বণতে কীৰ্ত্তনঘৰৰ স্থান নিঃসন্দেহে সৰ্বপ্ৰথম। প্ৰথম বহাগৰ(দোমাহীৰ) কাৰ্য মূলতঃ কীৰ্ত্তনঘৰৰ পৰায়ে হয় বুলি ক'ব পাৰি। জনকৃষ্টিৰ আঁকৰ বৃহত্তৰ বৰপেটা অঞ্চলৰ ৰঙালী বিহু উৎসৱ প্ৰকৃততে কিছুমান নিজস্ব ৰীতি নীতিৰে কৰি অহা হৈছে। পৰিপুষ্ট সংস্কৃতিৰে সমৃদ্ধ বৰপেটা অঞ্চল ভাষাৰ মাধুৰ্য্যৰেও চহকী। ইয়াৰ নিজস্ব হৃদয়গ্ৰাহী শব্দৰে ৰঙালী বিহু 'বৈহাগৰ দমহি' ৰূপে সুপৰিচিত। বৰপেটা কীৰ্ত্তনঘৰ বুলিলে প্ৰথমতে আতাপুৰুষ শ্ৰী শ্ৰী মথুৰাদাস বুঢ়াআতাক স্মৰণ কৰিব লাগিব। বুঢ়াআতাই সামাজিক শৃংখলতাৰ মাজেদি বৰপেটা সত্ৰৰ ভক্তসকল তথা সমগ্ৰ ৰাইজে যাতে একশৰণ হৰিনাম ধৰ্মৰ লোক হিচাপে পৰিচিত হৈ থাকিব পাৰে আৰু সেই আদৰ্শই যাতে অন্য ঠাইসমূহতো প্ৰসাৰতা লাভ কৰি অসমৰ জাতীয়তা, সভ্যতা, কলা-সংস্কৃতি-ঐতিহ্য ৰক্ষা কৰি চলাত সহায়ক হয়। দুজনা গুৰু শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ বিশুদ্ধ ধৰ্মৰ আদৰ্শ জাতি , ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ মাজত অংকুৰিত হৈ একতা আৰু সদভাৱৰ সৃষ্টি কৰিব পাৰে তাৰ বাবে বৃহত্তৰ বৰপেটাখন কেবাটাও অঞ্চল সামৰি ভাগ কৰিলে। এটা বৃহৎ অঞ্চলক গোট খুৱাই হাটী গঠন কৰিলে। বৰপেটা কীৰ্ত্তনঘৰত বহাগৰ দোমাহী উৎসৱ উদযাপনৰ প্ৰথম আৰু দ্বিতীয় দোমাহী পালনৰ আৰ্হিৰে বাকী দিনকেইটাও চলাই নিয়া হয়। বহাগৰ প্ৰথম দিনৰ পৰা সাতদিনলৈ আটাইকেইটা দিনতে অংকীয়া নাট, ভাওনা, যাত্ৰা নাট আদি হাটীসমূহৰ ৰাইজে কৰি আহিছে। বৰ্তমান যাত্ৰা গানৰ চাহিদা ম্লান হোৱা যেন পৰিলক্ষিত হৈছে। উল্লেখ্য যে এই দোমাহীৰ দিনকেইটাত আইসকলে মুখ্য বাহাসমূহত কপাল পাৰি সেৱা জনোৱা দৃশ্য সঁচাকৈ অবিস্মৰণীয়। সাত দোমাহীৰ শেষত অৰ্থাৎ আজি কীৰ্ত্তনঘৰৰ দালানৰ সন্মুখত হাজাৰ বিজাৰ ভক্তপ্ৰাণ ৰাইজে আজি আবেলি থিয়নামেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। উল্লেখ্য যে , আবেলি থিয়নাম পৰ্বৰ দিনা অৰ্থাৎ আজি বৰপেটাৰ থুলহাটী তিনিখনৰ সন্মুখত কীৰ্ত্তনঘৰৰ দালানৰ সন্মুখত পশ্চিমফালে তিনিখন নামৰ থলী স্থাপন কৰা হয়। নামথলীৰ উপৰত বৃহৎ আকাৰৰ চন্দ্ৰতাপেৰে আবৃত কৰি সুসজ্জিত কৰি উক্ত স্থান মনোমোহা কৰি তোলে। তাতেই ২২ খন হাটীৰ লগতে বৰপেটাৰ নিকটবৰ্তী অঞ্চল সমূহৰ ভক্ত (ডেকা বুঢ়াই) থিয়নাম গায়। নামৰ থলী বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰা প্ৰদৰ্শন চাবলৈ অৰ্ধ লক্ষাধিক ভক্ত-দৰ্শনাৰ্থীৰ সমাৱেশ ঘটে। এই থিয়নামে ভক্ত আৰু দৰ্শনাৰ্থীক আপ্লুত কৰে। আজি এই মন প্ৰাণ শীতল কৰা থিয়নাম বা বীৰনামৰ দৃশ্য সঁচাকৈ আকৰ্ষণীয়। থিয়নাম প্ৰদৰ্শন কৰা সন্মুখ ভাগত পাতি থোৱা হয় বৃহৎ আকাৰৰ শৰাই।থিয়নাম চলি থাকোতেই ভক্তপ্ৰাণ ৰাইজে সশ্ৰদ্ধভাৱে সেৱা জনাই বৰশৰাই কেইখনত অৰিহণা আগবঢ়ায়। সন্ধিয়া অন্যান্য ভক্তৰ ঘৰৰ লগতে উত্তৰহাটী, দক্ষিণহাটী আৰু নহাটীৰ ভক্তসকলে নাম গাই গাই কীৰ্ত্তনঘৰৰ মঠৰ চোতাললৈ গৈ পকী চোতালত বহি ঘোষা গীতেৰে প্ৰাৰ্থনা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। তাৎপৰ্যপূৰ্ণ বিষয় এইটোও যে বৰশৰাই তিনিখনলৈ আগবঢ়োৱা কেটেকীফুল, গুৱামাৰি ,চেনী, গুড় আদি হাটীৰ বৰাসমূহৰ জৰিয়তে বৰপেটাৰ প্ৰতিঘৰ সত্ৰীয়া তথা সত্ৰত ভাগ থকা পৰিয়ালক নিশাটোৰ ভিতৰতে বিতৰণ কৰি দিয়ে। বৰপেটা কীৰ্ত্তনঘৰত অসমৰ জাতীয় উৎসৱ বহাগৰ দোমাহীৰ সামৰণি পৰে।
খাদ্য সম্ভাৰঃ
বহাগৰ দোমাহীৰ উদযাপনৰ সাতদিনত বৰপেটিত খাদ্যৰ এক বৈশিষ্ট্যপূৰ্ণ ভুমিকা আছে। পূৰ্বতকৈ কম বেছি পৰিমাণে হ'লেও এই সাতদিনত খাদ্য সম্ভাৰৰ এক বিশেষ তাত্পৰ্য বহন কৰি অহা হৈছে। একৰ পৰা সাত বিহুৰ দিনটোলৈ ৰাতিপুৱাতে খালী পেটত অৰ্থাত একো নোখোৱাকৈ মচুৰ দালিৰ সৈতে নিমপাত খোৱাটো প্ৰচলিত ৰীতি। নিমপাতৰ লগত মচুৰ দালি খালে সৰ্পই দংশন কৰাৰ ভয় নাথাকে বুলি বিশ্বাস। তাৰপিছতেই জলপানৰ লগতে ঘি, দৈ, এৱাগাখীৰ, চেনি, মধু মিহলাই পঞ্চামৃত কৰি পৰিয়ালৰ সকলোকে খাব দিয়া হয়। পহিলা দোমাহী আৰু শেষৰ দোমাহীৰ আগ নিশাৰ সাজক যতনেৰে ৰন্ধা বঢ়া কৰি খোৱাৰ নিয়ম আজিও চলি আছে। বিভিন্ন সুস্বাদু ব্যঞ্জন আৰু অধিক শুকান জলা দি মাছ মাংস ৰান্ধি খোৱাটো অপৰিহাৰ্য্য। ইয়াৰ লগতে সাতবিধ শাকৰ লগত বেতৰ গাজা, কঠালৰ মুচি, আমৰ কলি, বাঁহৰ গাজা আদি একগোট কৰি মিহলাই ৰান্ধি খোৱাটো নিয়ম। (ফটো অাছে)
Comments
Post a Comment