বিজনীত মুকলি বিহু উদযাপন । সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু প্ৰাৰ্থনা বৰঠাকুৰ

বিজনীত মুকলি বিহু উদযাপন । সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু প্ৰাৰ্থনা বৰঠাকুৰ 

সংবাদ দাতা : ৰাজীৱ বৰ্মন 

দৈনিক আমাৰ প্ৰণাম : ২৩ এপ্ৰিল , চিৰাং 
চিৰাঙৰ ৫৬ সংখ্যক বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিজনী ছোৱালী হাইস্কুল খেলপথাৰৰ "জ্যোতিপ্ৰসাদ দাস আৰু মেঘালী বৰ্মন মহন্ত সোঁৱৰণী" বিহুতলীত অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিচিৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়নে। এই মুকলি বিহু প্ৰতিযোগিতাত মঙলদৈ সংস্কৃতি গোষ্ঠী শ্ৰেষ্ঠ বিহু দল বিবেচিত হয়। 

সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত  অসমৰ জনপ্ৰিয়তা কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ উদ্যোগত শুকুৰবাৰে নিশা অনুষ্ঠিত সাংস্কৃতিক সমাৰোহত গীত পৰিৱেশন কৰে মহেন্দ্ৰ হাজৰিকাই। এই সাংস্কৃতিক সমাৰোহত প্ৰবল বৰষুণৰ মাজতো এইদৰে গীত পৰিৱেশন কৰে শিল্পী মহেন্দ্ৰ হাজৰিকা আৰু পাৰ্থনা বৰঠাকুৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা