বৰপেটাত কেন্দ্ৰীয় প্ৰভাৰী বিষয়া এল এছ চাংচন* *জিলাৰ উন্নয়নী কাম-কাজৰ বিস্তৃত পৰ্যালোচনা*
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২২ এপ্ৰিল: কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সচিব হিচাপে কৰ্মৰত অসম-মেঘালয় কেডাৰৰ ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া এল এছ চাংচনে আজি বৰপেটা জিলা ভ্ৰমণ কৰি উন্নয়ন মূলক কাম-কাজৰ পৰ্যালোচনা কৰে। "প্ৰত্যাশাপূৰ্ণ" জিলা হিচাপে চিহ্নিত বৰপেটা জিলাৰ কেন্দ্ৰীয় প্ৰভাৰী বিষয়া হিচাপে নিয়োজিত জেষ্ঠ্য বিষয়া গৰাকী আজি পুৱা ১১ বজাত বৰপেটাত উপস্থিত হৈ উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন সভাত সভাপতিত্ব কৰে। তেওঁ স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ অধীনৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতি আৰু প্ৰতিবন্ধকতাৰ সম্পৰ্কত বিস্তৃত ভাবে আলোচনা কৰে। বিশেষকৈ যক্ষ্মা ৰোগ প্ৰতিৰোধ, নৱজাতক- শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, অঙ্গনবাড়ী কেন্দ্ৰৰ জৰিয়তে শিশু আৰু গৰ্ভৱতী মহিলাৰ উপযুক্ত পৰিপুষ্টি প্ৰদান, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে, বিশেষকৈ ছাত্ৰীৰ বাবে প্ৰশ্ৰাৱগাৰ-শৌচাগাৰ নিৰ্মাণ, খহনীয়াত জাহ যোৱা বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পুণৰ নিৰ্মাণ, জল-জীৱন মিছন আঁচনিৰ কাৰ্যকাৰিতা, দক্ষতা বিকাশ সম্পৰ্কীয় প্ৰশিক্ষণ অধিক গতিশীল কৰি তোলা আদিৰ বিষয়ে সকলো দিশ ফঁহিয়াই আলোচনা কৰা হয়। কেন্দ্ৰীয় প্ৰভাৰী বিষয়া গৰাকীয়ে সভাত ভালেমান পৰামৰ্শ আগবঢ়াই বিষয়া সকলক এই ক্ষেত্ৰত অধিক ক্ষীপ্ৰতাৰে আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াৱলৈ আহ্বান জনায়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে সভাৰ আৰম্ভণীতে কেন্দ্ৰীয় বিষয়া গৰাকীক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়। সভাত ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত মনোজ ছিকাৰীয়া, অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ উপৰি স্বাস্থ্য, শিক্ষা, কৃষি, পশুপালন আৰু পশু চিকিৎসা, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, দক্ষতা বিকাশ অভিযান আদি বিভাগৰ জেষ্ঠ্য বিষয়া সকলৰ উপৰি পিৰামল ফাউণ্ডেশ্যনৰ কৰ্মী আৰু লীড বেংক মেনেজাৰ আদিও উপস্থিত থাকে। (ফটো অাছে)
Comments
Post a Comment