বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ "অভিনন্দন গ্ৰন্থ" প্ৰকাশৰ যো- জা*
*বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ "অভিনন্দন গ্ৰন্থ" প্ৰকাশৰ যো- জা*
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা ২২ এপ্ৰিল ঃ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত, শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতা বঁটা প্ৰাপক, সত্ৰৰত্ন, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ জীৱন আৰু কৃতিৰ বিভিন্ন দিশক সামৰি এখনি "অভিনন্দন গ্ৰন্থ" প্ৰকাশৰ যো- জা কৰা হৈছে ৷ "অভিনন্দন গ্ৰন্থ" প্ৰণয়ন সমিতিয়ে বুঢ়াসত্ৰীয়া শৰ্মাৰ শিক্ষকতা জীৱনৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰী, সহকৰ্মী, গুণমুগ্ধ, শুভাকাংক্ষী আৰু শিস্যৰ পৰা তেখেতৰ সান্নিধ্য বিষয়ক লেখা বিচাৰি আহ্বান জনাইছে ৷ লেখা সমূহ অহা ৩১ মেৰ ভিতৰত নিন্মোক্ত ঠিকনাত পোৱাকৈ পঠাব লাগিব ৷ ঠিকনা ই মেইল - bdsarmafelicitationbook@gmail.com, ওৱাটচএপ নম্বৰ - ৯৪৩৫০-২৫৬৮৯ আৰু ৯৮৫৪২-৯১৭৯৫ ৷ সবিশেষ জানিবলৈ হলে এই নম্বৰ দুটাৰ সতে যোগাযোগও কৰিব পাৰিব ৷ ইতিমধ্যে অক্ষয় কুমাৰ মিশ্ৰক মুখ্য সম্পাদক, ডিম্বেশ্বৰ মেধি আৰু মহানন্দ পাঠকক সম্পাদক, নিৰ্মল ৰঞ্জন মজুমদাৰ আৰু ওম প্ৰকাশ দাসক সহকাৰী সম্পাদক আৰু ভাস্কৰ শাণ্ডিল্যক প্ৰকাশ হিচাপে লৈ বশিষ্ঠ দেৱ শৰ্মাৰ অভিনন্দন গ্ৰন্থ প্ৰণয়ন সমিতি এখন গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ অহা পহিলা ছেপ্টেম্বৰত অভিনন্দন গ্ৰন্থখন প্ৰকাশ পাব বুলি অভিনন্দন গ্ৰন্থ প্ৰণয়ন সমিতিৰ পৰা জানিব পৰা গৈছে ৷
Comments
Post a Comment