ভক্তৰডবাৰ বহুমুখী সমবায় সমিতিৰ ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ গ্ৰাহকৰ

# ভক্তৰডবাৰ বহুমুখী সমবায় সমিতিৰ ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ গ্ৰাহকৰ #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২১ এপ্ৰিলঃবৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচৰকাৰী সন্থা অসম বহুমুখী সমবায় সমিতিৰ ভক্তৰডোবাস্থিত শাখা পৰিচালকৰ বিৰুদ্ধে ধনৰ লেন দেনৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ মতে সাধাৰণ জনতাৰ পৰা Small savings ৰ বাবদ দৈনন্দিন সংগ্ৰহ কৰা বৃহৎ পৰিমানৰ ধন শাখা পৰিচালক আফছাৰ জামানে কৌশলগতভাৱে আত্মাসাত কৰাৰ এক প্ৰয়াস চলাই থকা বুলি বুজন সংখ্যক গ্ৰাহকে জানিবলৈ দিয়ে।উল্লেখ্য যে, বিগত কেইবামাহ পুৰ্বৰে পৰা কাৰ্যালয় বন্ধ ৰাখি পলায়ন বাদী কাৰ্যৰ বাবে ক্ষোভ ব্যক্ত কৰে ভুক্তভোগী সহজ-সৰল বেচৰকাৰী সমবায় সমিতিখনত ধন জমা ৰখা সিংহভাগ গ্ৰাহক ৰাইজে । তেওঁলোকে জানিবলৈ দিয়া মতে সমবায়খন বন্ধ ৰখাৰ ফলশ্ৰুতিত ধন লেনদেন কৰা গ্ৰাহকসকলে বিভিন্ন সময়ত টেলিফোনিক বাৰ্তালাপ কৰাৰ পিছতো চুক্তি সমূহ ঘনে ঘনে মৌখিকভাৱে সলাই থকা পৰিলক্ষিত হৈছে । স্মৰ্তব্য যে,কেইবাবাৰ সামাজিক মেল-মিটিংত গ্ৰাহক সকলৰ জমাধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও উক্ত প্ৰতিশ্ৰুতি ৰক্ষা নকৰি ভৰিৰে মুহাৰি পেলালে  পৰিচালক আফছাৰ জামানে । সম্প্ৰতি দুৰ্নীতি পৰায়ণ আফছাৰ জামানে বিভিন্ন সময়ত সংঘটিত কৰা বহু কেলেংকাৰিত সাঙোৰ খোৱাৰ তথ্য মজুত আছে বুলি গ্ৰাহকসকলে জানিবলৈ দিছে। সেয়ে অনাগত সময়ত বহুমুখী সমবায় সমিতিখনৰ শাখা পৰিচালক আফছাৰ জামানৰ বৃহৎ  কেলেংকাৰীৰ তথ্য সবিস্তাৰে  পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰা হব ।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা