কাঁহীত জুঠা খাদ্য প্ৰদানক কেন্দ্ৰ কৰি শ্ৰমিকক মাৰপিটঃ পাকাবেতবাৰী পামত মুছলপুৰৰ অাৰক্ষী।

# কাঁহীত জুঠা খাদ্য প্ৰদানক কেন্দ্ৰ কৰি শ্ৰমিকক মাৰপিটঃ পাকাবেতবাৰী পামত মুছলপুৰৰ অাৰক্ষী।

# দুখীক উপযুক্ত শাস্তি বিহাৰ দাবী দুৰ্ভগীয়া  পৰিয়ালৰ।

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা ,৩০এপ্ৰিলঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী পামৰ ফুলমালা দাসৰ লৰা ৰাজ কুমাৰ দাস ওৰফে ৰঞ্জন দাসে একে গাঁৱৰ জেহেৰুল ইছলাম, নুৰুল আলী,সাহাদত আলী,কবজ আলী আৰু ঠিকাদাৰ মনছুৰ আলীৰ সৈতে একেলগে মুছলপুৰত ৰাজমিস্ত্ৰী কাম কৰিবলৈ গৈছিল। পিছে ২৭এপ্ৰিলৰ সন্ধিয়া খাদ্য খাই থকা অৱস্থাত ৰঞ্জন দাসৰ কাঁহীত জুঠা খাদ্য দিয়াত প্ৰতিবাদ কৰে। অাৰু উক্ত প্ৰতিবাদৰ ফলত দাসক শাৰিৰীকভাৱে চাৰিজনে প্ৰহাৰ কৰাত ৰঞ্জন দাসে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পিছত লগৰীয়া  সকলে ৰঞ্জন দাসৰ ঘৰত পৰিয়ালৰ লোকক অৱগত নকৰাকৈ এৰি থৈ যায় বুলি এজাৰ অনুসৰি বাতৰিত প্ৰকাশ। এনে সন্ধিক্ষনত ৰঞ্জন দাসক পৰিয়ালৰ লোকে অসুস্থ অৱস্থাত পোৱাত হতভম্ব হৈ পৰে অাৰু লগে লগে বৰপেটাৰ  ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়-চিকিৎসষলয়লৈ নি চিকিৎসা প্ৰদান কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । এই সংক্ৰান্তত মুছলপুৰ আৰক্ষী চকীত ৩৭/২০২২আইপিচিত নম্বৰত পৰিয়ালৰ লোকে এজাহাৰ প্ৰদান কৰাত ২৮ এপ্ৰিলত মুছলপুৰ আৰক্ষী থানাৰ পৰা পাকাবেতবাৰী পামত উপস্থিত হৈ সমগ্ৰ ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কোনো এজন অাচামীকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে দৰিদ্ৰ পৰিয়ালটোৱে দুখীক তদন্ত সাপেক্ষে উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে। সম্প্ৰতি ইয়াৰ প্ৰকৃত ৰহস্য কি আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা অাছে বুলি আশা ব্যক্ত কৰিছে অঞ্চলবাসী ৰাইজে। এইক্ষেত্ৰত অাৰক্ষীয়ে কি ভূমিকা লয় সেয়া সময়ত লক্ষনীয় বিষয় হব। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা