মানকাচৰৰ পুৰাণদিয়াৰা তেলিপাৰাৰ ৩.৬৬ কোটি টকীয়া ৰাস্তা নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি

মানকাচৰৰ পুৰাণদিয়াৰা তেলিপাৰাৰ ৩.৬৬ কোটি টকীয়া ৰাস্তা নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি৷

দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত গাওঁবাসীৰ বিৰুদ্ধে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ ব্যক্তিগত অভিযন্তাৰ এজাহাৰ৷ 


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৬ এপ্ৰিলঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী-মানকাচৰ পথৰ পৰা তেলিপাৰাৰ উৰামাৰী গাওঁলৈ প্ৰায় ডেৰ কিলোমিটাৰ পথ, দলং আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে ৩.৬৬ কোটি টকীয়া পথ খন নিৰ্মাণত ব্যাপক অনিয়মৰ বিৰুদ্ধে দুদিন পূৰ্বে অভিযোগ তুলিছিল গাওঁবাসীয়ে৷ চি চি ব্লকৰ পথ নিৰ্মাণৰ বাবে জি এছ বি আৰু পৰ্যাপ্ত শিল নিদিয়াৰ লগতে পঁচা শিল ব্যৱহাৰৰ বিৰুদ্ধে অভিযোগ তুলি গাওঁবাসীয়ে কেমেৰাৰ সম্মুখত উদঙাই দিছিল ঠিকাদাৰ জনৰ দুৰ্নীতি৷ একাংশ সংবাদমাধ্যমত ঠিকাদাৰৰ দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই বিভাগীয় ঠিকাদাৰ আমিনুৰ ৰহমানৰ ব্যক্তিগত অভিযন্তা এজনে গাওঁবাসীৰ বিৰুদ্ধে কামত বাধা দিয়াৰ অভিযোগ তুলি মানকাচৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ পাছতেই গাওঁবাসীয়ে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে৷ সেয়ে আজি গাওঁবাসীয়ে পুনৰ পথৰ ওপৰত একত্ৰিত হৈ দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰি দুৰ্নীতি বন্ধ কৰি সঠিক ভাবে কাম কৰাৰ দাবী জনায়৷ প্ৰতিবাদকাৰী ৰাইজৰ দাবী, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ বিপদ পৰিছে গাওঁবাসী৷

উল্লেখনীয়যে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত হাটশিঙিমাৰী-মানকাচৰ পথৰ পৰা তেলিপাৰাৰ উৰামাৰী গাওঁলৈ প্ৰায় ডেৰ কিলোমিটাৰ পথ, দলং আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে ৩.৬৬ কোটি টকীয়া কামৰ দায়িত্ব দিয়ে গুৱাহাটীৰ মটৰীয়াৰ বাসিন্ধা আমিনুৰ ৰহমান নামৰ বিভাগীয় ঠিকাদাৰ জনক । ৩.৬৬ কোটি টকীয়া এই কামৰ বাবে ঠিকাদাৰ জনে চৰম দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে চি চি ব্লকৰ ডেৰ কিলোমিটাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত মাত্ৰ ডেৰ ইঞ্চি জি এছ বি আৰু পঁচা শিল দি ওপৰত চি চি ব্লক বহুৱাইছে। ফলত কাম সম্পূৰ্ণ কৰাৰ আগতেই ঠায়ে ঠায়ে পথটো বেয়া হৈ যাবলৈ ধৰিছে। এই কামৰ সঠিক তদন্তৰ বাবে দুদিন পূৰ্বে গাওঁবাসীয়ে একত্ৰিত হৈ পথ নিৰ্মাণত হোৱা দুৰ্নীতি কেমেৰাৰ সম্মুখত উদঙাই দিছিল। ইয়াত পাছতে ঠিকাদাৰ আমিনুৰ ৰহমানৰ ব্যক্তিগত অভিযন্তা হাফিজুৰ ৰহমানে একাংশ গাওঁবাসীৰ নামত মানকাচৰ থানাত এটি গোচৰ দিয়ে। গাওঁবাসীয়ে কামত বাধা দিয়া বুলি অভিযোগ উত্থাপন কৰি এজাহাৰ দিয়াত পাছত আজি পুনৰ গাওঁবাসীয়ে এইদৰে একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সঠিক ভাবে কাম কৰিবলৈ ৰাইজে দাবী তোলাৰ লগতে আজি জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দিব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ জিলা উপায়ুক্তৰ লগতে সংশ্লিষ্ট বিভাগটোৱে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ জনৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হব লক্ষণীয়৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা