ভেটাগাঁওত ৪৯ সংখ্যক ৰঙালী বিহু উদযাপন

---------------------------------
দৈনিক আমাৰ প্ৰণাম ,বিজনী,২৯ এপ্ৰিলঃ
-------------------------------------- 
চিৰাঙৰ বিজনীৰ ৪৯ সংখ্যক  ভেটাগাঁও ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক  সন্ধিয়াত কালি নিশা বিহু বলীয়া ৰাইজৰ পাৰ ভঙা  উছাহৰ ঢলত মুখৰিত হৈ পৰিল বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ বিহুতলী। গুৱাহাটীৰ পৰা আমন্ত্ৰিত শিল্পী দ্বয় সুৰেখা ছেত্ৰী আৰু অমৰ সিঙৰ অনুষ্ঠানত শিশুৰ পৰা জীয়ৰী-বোৱাৰী, যুৱক সকলোৰে পাৰ ভঙা উছাহত আপ্লুত হৈ পৰে শিল্পীদ্বয় । উক্ত সাংস্কৃতিক সন্ধিয়াত অভয়াপুৰীৰ শুক্লধ্বজ বাৰেবৰণীয়া সাংস্কৃতিক কৃষ্টি দলেও আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যক্ৰম পৰিৱেশন কৰে। উল্লেখ্য যোৱা ২৭ এপ্ৰিলৰে পৰা দুদিনীয়াকৈ উদযাপিত হোৱা ৪৯ সংখ্যক ভেটাগাঁও ৰঙালী বিহু সন্মিলনীৰ প্ৰথম দিনৰ কাৰ্যসূচীমৰ্মে ২৭ এপ্ৰিলৰ সন্ধিয়া অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ অবিচি মৰ্চাৰ আহ্বায়ক অৰূপ কুমাৰ  নাথে। উক্ত মুকলি বিহু প্ৰতিযোগিতাত ৰাজ্যখনৰ কেইবাটাও আগশাৰীৰ বিহুৱা দলে অংশগ্ৰহণ কৰাৰ উপৰিও বড়ো আৰু কোচ-ৰাজবংশী কৃষ্টি দলে নিজ নিজ জাতীয় লোক নৃত্য পৰিৱেশন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা