অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ সৰ্বানন্দ সোণোৱাল শিৱসাগৰত উপস্থিত হৈ অহা ২ মে’ত পালন কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাভ্যাস কাৰ্যসূচীৰ সন্দৰ্ভত পুংখানুপুংখ ভাৱে বুজ লয়*।

*



*দৈনিক আমাৰ প্ৰণাম,শিৱসাগৰ,২৯ এপ্ৰিলঃ**ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰী তথা অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিৱসাগৰত উপস্থিত হৈ অহা ২ মে’ত পালন কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাভ্যাস কাৰ্যসূচীৰ বিষয়ে পুংখানুপুংখ ভাৱে বুজ লয়।মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক শিৱদৌল প্ৰাঙ্গণত উপস্থিত হৈ উক্ত স্থানৰ সমীপত অনুষ্ঠিত কৰিবলগীয়া যোগাভ্যাস কাৰ্যসূচীৰ সবিশেষ সন্দৰ্ভত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ লগতে জিলাখনৰ অন্যান্য বিষয়-ববীয়া সকলৰ লগত আলোচনাত মিলিত হয় ।অন্যহাতেদি এই উদ্দেশ্যে মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন আনুষ্ঠানিক সভাতো মিলিত হয়।সভাত অহা ২ মে’ তাৰিখে অনুষ্ঠিত কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই যোগাভ্যাস কাৰ্যসূচীয়ে ঐতিহাসিক শিৱসাগৰক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পুণৰবাৰ চিনাকি তথা প্ৰতিষ্ঠা কৰাত বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।মন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত এক সুষ্ঠ আৰু নিৰোগী দেহ লাভ কৰাত যোগাসনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি ৰোগ নিৰাময়ত যোগাসনক এক পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু ঔষধ বিহীন ৰোগ নিৰাময়ৰ ব্যৱস্থা বুলিও উল্লেখ কৰে । অন্যহাতেদি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়া অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানটো শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু ইয়াৰ আশে-পাশে অনুষ্ঠিত কৰা হ’ব । অসম চৰকাৰৰ হৈ শিৱসাগৰ জিলাৰ উপায়ুক্তই এই কাৰ্যসূচীত মূল ভূমিকা তথা উদ্যোগ গ্ৰহণ কৰিব ।শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহালে এই কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে সভাত জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা