কয়াকুছি আৰক্ষী চকীত সমূহীয়া ইফতাৰ পাৰ্টি

# কয়াকুছি আৰক্ষী চকীত সমূহীয়া ইফতাৰ পাৰ্টি #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩০ এপ্ৰিলঃ বৰপেটা জিলাৰ ৪৬ নং  সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছি আৰক্ষী চকীত পৰহি পৱিত্ৰ ৰমজানমাহ উপলক্ষে সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিজু কুমাৰ নাথৰ উদ্যোগত অনুষ্ঠিত এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে পশ্চিম পাকা গাওঁ পঞ্চায়তৰ সভাপতি মেহেৰ আলী, বিশিষ্ট সমাজ কৰ্মী দেলুৱাৰ হুছেইন, বিশিষ্ট সমাজ সেৱিকা মমতাজ জাহান তালুকদাৰ, বামপন্থী নেতা তথা চিপিআইএমৰ কয়াকুছি লোকেল কমিটিৰ সম্পাদক পিয়াৰুল ইছলাম, কয়াকুছি আৰক্ষী চকীৰ এলচি নীলমণি ৰয়কে আদিকে কৰি কয়াকুছি আৰক্ষী চকীৰ আৰক্ষী,গৃহৰক্ষী জোৱান সকলৰ লগতে  কয়াকুছি অঞ্চলৰ বহুকেইজন বিশিষ্ট ব্যাক্তিসকল উপস্থিত থাকি সমন্বয় আৰু একতাৰ বাবে দোৱাৰ জৰিয়তে আহ্বান জনায় । উল্লেখ্য যে,উক্ত সমুহীয়া ইফতাৰ পাৰ্টী প্ৰদান কৰি কয়াকুছি অাৰক্ষী চকীৰ মানৱতাবোধ অাৰু সমন্বয়ৰ নিদৰ্শন দাঙি ধৰা কাৰ্যক বিভিন্ন মহলে ভূয়ঁসী প্ৰশংসা কৰিছে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা