বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা - ২ নিহত ৬ আহত #


প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা ২৭    এপ্ৰিলঃ বৰপেটাত টেম্পু আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুই যাত্ৰী  থিতাতে মৃত্যু হোৱাৰ লগতে আন টেম্পু চালক সহ ৬ জন আহত হয়। ঘটনা আজি পুৱতি নিশাৰ।  মহাৰাষ্ট্ৰৰ মোম্বাইৰ পৰা ৰে'ল যোগে বৰপেটাৰোড ষ্টেচনত উপস্থিত হৈ এখন টেম্পু ভাড়া কৰি বৰপেটা চহৰ হৈ বহৰিলৈ গৈ আছিল । টেম্পুখনত বহৰিৰ যাত্ৰী সকলৰ লগতে আন দুজন যাত্ৰীও বৰপেটালৈ অহাৰ বাবে উঠিছিল।বৰপেটাৰোডৰ পৰা বৰপেটা হৈ বহৰিলৈ গৈ থকা অৱস্থাত বৰপেটা চহৰৰ সমীপৰ চাউলখোৱা নদীৰ ওপৰত থকা পকী দলঙৰ উপৰত বিপৰীত পিনৰ পৰা তীব্ৰ বেগী ট্ৰাক এখনে টেম্পুখনক মুখা মুখি খুন্দা মাৰে। ফলত টেম্পুখনৰ চালক আৰু আন ৬গৰাকী যাত্ৰী আহত হোৱাৰ লগতে দুজন যাত্ৰীৰ থিতাতে মৃত্যু হয়। টেম্পুখনৰ চালক গৰাকীৰ অৱস্থা সংকটজনক বাকী আহত ৬ গৰাকীক বৰপেটা মেডিকেল হাস্পাতালত ভৰ্তি কৰোৱা হয়।দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক দুজন ক্ৰমে নগাঁওৰ বাৰামাৰা গাঁওৰ আবুল আৰু আনজন পাটবাউসীৰ নিকটৱৰ্তী ইনজামূল।আহত লোকসকল ক্ৰমে বহৰিৰ জেহেৰুল, হজৰত মোল্লা, ৰফিকূল,শ্বাহৰুখ আৰু শ্বাহজামাল। চালকজনৰ লগতে আন এজন জালাল মিয়া আৰু জলিলুৰ। উল্লেখ্য যে,স্থানীয় লোকে জানিৱ দিয়া মতে প্ৰতিনিশা  বৰপেটা চহৰৰ মাজেৰে শ-শ ট্ৰাক  কৰ পৰা কলৈ যায় সেইটো ভাবিবলগীয়া কথা। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা