মাণিকপুৰৰ ভাণ্ডাৰা, বাশবাৰী আই নৈ খহনীয়া পৰিদৰ্শন নৱ নিযুক্ত উপায়ুক্ত নৱদ্বীপ পাঠকৰঃ সচেতন মহলৰ প্ৰশংসাঃ


মাণিকপুৰ ২৭ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ভাণ্ডাৰা, বাশবাৰীত খহনীয়া পৰিদৰ্শন কৰে জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে। যোৱা কেইবাবছৰ ধৰি আই নৈয়ে সন্ত্ৰাস সৃষ্টি কৰি শশ পৰিয়ালক গৃহহীন কৰিছে। খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত এতিয়ালৈকে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। যোৱা বছৰ আই নৈৰ খহনীয়াৰ কৱলত পৰি বাশবাৰী গাৱঁৰ প্ৰায় তিনি শতাধিক পৰিয়াল গৃহহীন হৈ এতিয়াওঁ ৰাস্তাৰ কাষত আশ্ৰয় কৰি আছে। আই নৈৰ খহনীয়াত উত্তৰ অভয়াপুৰী সমষ্টিৰ একমাত্ৰ যোগাযোগৰ কীৰ্তনপাৰা -ডাঙাইগাওঁ সংযোগী পকী পথ ঠাইয়ে ঠায়ে ছিগি গৈছে যদিওঁ এতিয়ালৈকে সম্পূৰ্ণ মেৰামতি হোৱা নাই। পূৰ্বৰ জিলা উপায়ুক্তই খহনীয়া প্ৰতিৰোধ ক্ষেত্ৰত তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সম্প্ৰতি বঙাইগাঁওত নতুনকৈ উপায়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছে নৱদ্বীপ পাঠকে। দায়িত্ব গ্ৰহন কৰিয়েই উপায়ুক্ত গৰাকীয়ে জিলাখনৰ মূল সমস্যা আই নৈৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ উপস্থিত হয়। আজি উপায়ুক্ত নৱদ্বীপ পাঠকৰ নেতৃতত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, চক্ৰ বিষয়া ৰিতিমনি দাস, কাননগো সুভাষ মেধি, লাট মণ্ডল অখিল কুমাৰ ৰয়, মঞ্জিত মেধি সহ প্ৰসাশনৰ এটি সজাতি দলে ভাণ্ডাৰা, বাশবাৰীৰ আই নৈৰ খহনীয়া পৰিদৰ্শন কৰে। নতুন দায়িত্ব গ্ৰহন কৰা জিলা উপায়ুক্ত খহনীয়া পৰিদৰ্শনে সচেতন মহলে প্ৰশংসা কৰিছে।

প্ৰেৰকঃ আজিজুল হক (মাণিকপুৰ)
যোগাযোগ নম্বৰঃ 8638276934 /9613759768

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা