জিগনেশ মেৱানীক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটা উত্তাল কৰে কংগ্ৰেছেঃ জিগনেশ মেৱানীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত

#

# সাংসদ,বিধায়কক অাটক।


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৬ এপ্ৰিলঃ  দলিত নেতা তথা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক মুক্তিৰ দাবীত অাজি উত্তপ্ত হৈ পৰে বৰপেটা চহৰ। অাজি পূৱাৰভাগত বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ অাদালতত হাজিৰ কৰোৱা হয় মেৱানীক। অাদালতত হাজিৰ কৰাৰ পিচতে মেৱানীৰ মুক্তিৰ দাবীত উত্তপ্ত কৰি তোলে বিৰোধী দলৰ লগতে অন্যান্য দল-সংগঠণে। প্ৰতিবাদত অংশগ্ৰহন কৰা বৰপেটা সংসদীয় সমষ্টিৰ সাংসদ অাব্দুল খালেক,কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ,বৰপেটাৰ বিধায়ক অাব্দুৰ ৰহিম অাহমেদ সহ বহু কংগ্ৰেছ নেতা-কৰ্মীক অাটক কৰে অাৰক্ষীয়ে। বৰপেটা মুখ্য ন্যায়াধীশৰ অাদালতৰ সমীপত থকা অাৰক্ষীৰ বেৰিকেড ভাঙিবলৈ উদ্বত হোৱা অাৰক্ষী অাৰু প্ৰতিবাদকাৰীসকলৰ মাজত বাকযুদ্ধ হয়। অান্দোলন কৰি থকা সময়ছোৱাতে “অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিব পাৰে জিগনেশ মেৱানীক ৷" “অসম আৰক্ষীয়ে কৰি অহা এনকাউণ্টাৰৰ বলি হ'ব পাৰে গুজৰাটৰ বিধায়কজন ৷" এই আশংকা কৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ জিগনেশ মেৱানীক বিনাচৰ্তে মুক্তিৰ দাবীত অাজি ৰাতিপুৱা বৰপেটা কংগ্ৰেছে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই আশংকা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত  অাজি বৰপেটা কংগ্ৰেছে জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ বৰপেটাৰ মিলেনিয়াম পাৰ্কৰ সন্মুখত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে শ শ কংগ্ৰেছ নেতা-কৰ্মীয়ে ৷ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে, হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক পুতলা সজাই জিগনেশ মেৱানীৰ ওপৰত দোষ জাপি দিছে ৷ আৰক্ষীৰ জিম্মাত থকা কোনো অভিযুক্তই কৰ্তব্যৰত আৰক্ষী বিষয়াক কৰ্তব্যত বাধা প্ৰদান অথবা শালীনতা ভংগৰ চেষ্টা কৰাটো সম্ভৱ নেকি বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়ক শিকদাৰে ৷
এইখন দেশ গণতান্ত্ৰিক দেশ হয় নে নহয়,এইখন দেশত সংবিধান আছে নে নাই আদি কথাবোৰ আজি পুনৰবাৰ ভাবি চাব লগা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে ভাৰতবৰ্ষক গণতন্ত্ৰৰ পৰা ৰাজতন্ত্ৰলৈ পৰ্যবসিত কৰিবলৈ চেষ্টা চলাইছে নেকি ?জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰে এই প্ৰশ্নকে উত্থাপন কৰিছে বুলি মতপোষণ কৰে বিধায়কগৰাকীয়ে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সাংসদ আব্দুল খালেকে কয় যে, জিগনেশ মেৱানীক যিধৰণৰ গোচৰত গুজৰাটৰ পৰা গ্ৰেপ্তাৰ  কৰি অনা হৈছে,একেধৰণৰ গোচৰ তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও তৰিছিল ৷ কিন্ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা দূৰৰে কথা,গোচৰটো পঞ্জীয়নেই নকৰিলে অসম আৰক্ষীয়ে ৷ সাংসদগৰাকীৰ অভিযোগ-অসম চৰকাৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে অসম আৰক্ষীক ৷ অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ এক সুকীয়া ভাৱমূৰ্তি আছে বুলি উল্লেখ কৰি তেখেতক চৰকাৰৰ হাতৰ পুতলা  নহ'বলৈ সাংসদগৰাকীয়ে আহ্বান জনায় ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভিয়ে কয় যে, জিগনেশ মেৱানীক বাৰে বাৰে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ গুজৰাটৰ নিৰ্বাচনৰ পূৰ্বে জিগনেশক ভীতিগ্ৰস্ত কৰা হৈছে,কিন্তু জিগনেশে ভয় নাখায় বুলি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে ৷ইপিনে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৫দিনৰ বাবে আৰক্ষী জিম্মালৈ দিয়ে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অংশুমান বৰাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়,আৰক্ষীয়ে জিগনেশ মেৱানীক ১২ দিনৰ বাবে নিজৰ জিম্মাত ন্যায়াধীশৰ ওচৰত আবেদন জনাইছিল। বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশে ৫দিনৰ বাবে আৰক্ষী জিম্মালৈ দিয়ে। যোৱা ২১ এপ্ৰিল ২০২২ত গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ গৈ থকা অৱস্থাত বৰপেটা জিলাৰ শিমলাগুৰিৰ চ'কত কৰ্মৰত মহিলা এগৰাকীক অশালীন ব্যৱস্থাৰ আৰু গাত হাত দিয়া অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৩/৩৫৩/৩৫৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা