তামুলপুৰৰ কচুবাৰীৰ গৌজন ফৌথাৰত বড়ো সাহিত্য সভাৰ সংবাদমেল

 ।

বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশন সফল কৰি তুলিবলৈ সকলো জাতি জনগোষ্ঠীলৈ আহ্বান সভাপতি তৰেণ বড়ো ।

নয়নজ্যোতি দাস, তামুলপুৰ, ৩০ এপ্ৰিল।

অহা ২,৩ আৰু ৪ মে'ত তামুলপুৰৰ কচুবাৰীৰ গৌজন ফৌথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশন অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি কচুবাৰীৰ অধিৱেশন স্থলী গৌজন ফৌথাৰত বড়ো সাহিত্য সভাৰ তৰফৰ পৰা এখন সংবাদ মেল অনুষ্ঠিত কৰা হয়। সংবাদ মেলত অংশগ্ৰহণ কৰি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো ই কয়, "বড়ো সাহিত্য সভাই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগত হোৱা আলোচনা মৰ্মে তামুলপুৰৰ কচুবাৰী গৌজন ফৌথাৰত ৬১ সংখ্যক বড়ো সাহিত্য সভা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসক সভাপতি আৰু ৰত্নেশ্বৰ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ খন উপ সমিতিৰে এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। অধিৱেশনত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ যথেষ্ট সহাৰি পোৱা গৈছে । এই অধিৱেশনত মুখ্য অতিথি হিচাপে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিক আমন্ত্ৰণ কৰা হৈছে আৰু এইখন এখন ঐতিহাসিক অধিবেশন হব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অধিৱেশনত অসমৰ উপৰিও বাংলাদেশ, ত্ৰিপুৰা আৰু নেপালৰ পৰা প্ৰতিনিধি আৰু অতিথিয়ে অংশগ্রহণ কৰিব।সেয়েহে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে  অসমৰ সকলো লোককে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশন সফল কৰি তুলিবলৈ তেওঁ আহ্বান জনায়। সংবাদ মেলত উপস্থিত থাকি আদৰণি সমিতিৰ সাধাৰণ সম্পাদক ৰত্নেশ্বৰ বড়োই কয়- বহুদিন ধৰি বৰষুণ হৈ থকাত প্ৰতিকুল বতৰৰ বাবে প্ৰদৰ্শনী, বজাৰ আদি বিভিন্ন কামত বাধা আহি পৰিছে । পতাকা উত্তোলন স্থলী মাৰ্চপাষ্ট আদি ঠাইবোৰ ৰ কাম কিছু বাকী আছে  যদিও আলি পদূলিকে ধৰি ঠাইবোৰ ওখ কৰি কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি থকা হৈছে । থকা ঠাই আদি সা-সুবিধাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান অহাৰ কথা সদৰি কৰি তেওঁ কয় দূৰত্ব বেছি হলেও তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তামুলপুৰ বাণিজ্য মহাবিদ্যালয় আদি বিভিন্ন স্থানত প্ৰতিনিধি ৰখাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিনিধি সকলক যথাস্থানৰ পৰা বাহনেৰে অনা নিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও সংবাদ মেলত তেওঁ সদৰি কৰে। আদৰণি সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে বড়ো সাহিত্য সভাৰ ৬১সংখ্যক অধিৱেশন সফল কৰি তুলিবলৈ সমূহ তামুলপুৰবাসীলৈ আহ্বান জনায়। সংবাদ মেলত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো, বিত্তীয় সম্পাদককে ধৰি কেইবাজনো কেন্দ্ৰীয় নেতৃবৃন্দ আৰু তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ নেতৃত্বই অংশগ্ৰহণ কৰে। ইফালে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লবলৈ নিতৌ মন্ত্ৰী, বিধায়ক, বিটিআৰ প্ৰধান, বিটিআৰৰ কাৰ্যবাহী সদস্য, এমচিএল এ আদিৰ আগমন ঘটা পৰিলক্ষিত হৈছে। আজি গৌজন ফৌথাৰত আজি আহি উপস্থিত হৈ "অসমৰ কেবিনেট মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, "বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশনৰ প্ৰস্তুতি চাবলৈ আজি মই আহিছো আৰু বড়ো সাহিত্য সভাৰ ৭০ বছৰীয়া কালত কোনো দিনে যিহেতু ৰাষ্ট্ৰপতি অথবা প্ৰধান মন্ত্ৰী অহা নাছিল সেয়ে ই ঐতিহাসিক অধিবেশন হবলৈ গৈ আছে। বিটিআৰ চৰকাৰৰ লগতে অসম চৰকাৰ আৰু মুখ্য মন্ত্রীৰ তৰফৰ পৰাও যথেষ্ট সহযোগিতা লাভ কৰা হৈছে। সেয়ে আমি সকলো দিশত নিয়াৰিকৈ পৰিচালনা কৰি এখন অধিবেশন অনুষ্ঠিত কৰিবলৈ গৈছো। "আদৰণি সমিতিৰ সভাপতি তথা বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে সংবাদ মাধ্যমৰ আগত অধিৱেশনৰ প্ৰস্তুতি প্ৰায় নব্বৈ শতাংশ সম্পূৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰি আজি বা কাইলৈৰ ভিতৰতে বাকী কাম খিনিও সম্পূৰ্ণ হ'ব বুলি সদৰি কৰে। সাহিত্য সভাৰ সকলো প্ৰস্তুতি সততে পৰ্যবেক্ষণ কৰি থকা বিটিআৰ প্ৰধান প্ৰমোদ বড়োই নেৰানেপেৰা বৰষুণৰ বাবে কামত কিছু ব্যাঘাত জন্মিলেও কাইলৈৰ ভিতৰতে কাম সম্পূৰ্ণ হ'ব বুলি সংবাদ মাধ্যমৰ আগত আশা প্ৰকাশ কৰে। প্ৰতিকূল বতৰকো নেওচি বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশন সফল বুলি তেওঁ আশা প্ৰকাশ কৰে।###

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা