মানকাচৰত অনলাইন কোম্পানীক ঠগি ৰঙা ঘৰৰ আলহী চাৰি ডেলিভাৰী বয়৷

গ্ৰাহকে অনলাইন যোগে অৰ্ডাৰ দিয়া ৪০ লাখ টকাৰ মোৱাইল চুৰি৷


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৯ এপ্ৰিলঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ই’কম এক্সপ্ৰেছ নামৰ কোম্পানীটোৰ তিনিজন কৰ্মচাৰী (ডেলিভাৰী বয়) দীৰ্ঘ দিনৰ পৰা গ্ৰহক সকলে অৰ্ডাৰ দিয়া এমাজন, ফ্লিপকাৰ্ড, স্নেপডিল আদি অনলাইন শ্বপিং কোম্পানী সমূহৰৰ দামী মোৱাইল ফোন গ্ৰাহকক যোগান নধৰি চুৰি কৰা কাৰ্য্যই জিলাখনত খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

উল্লেখযোগ্য যে যোৱা ১২ এপ্ৰিল তাৰিখে ই’কম এক্সপ্ৰেছৰ কলিকতা ৰাজ্যিক প্ৰৱন্ধক অশোক নাৰায়ণ ভোষ খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। প্ৰায় ৪০ লাখ টকা মূল্যৰ মুঠ দুই শতাধিক মোবাইল ফোন চুৰি হোৱা বুলি গোচৰ দাখিল কৰাৰ পাছত খাৰুৱাবান্ধা আৰক্ষীয়ে গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/৩৭৯/৩৪ আই পি চি ধাৰাৰ অধীনত ১৪৮/২২ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে। উক্ত এজাহাৰ মৰ্মে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ দল এটা খাৰুৱাবান্ধা আৰক্ষীৰ সহযোগত বিভিন্ন ঠাইত অভিযান চলাই তিনি গৰাকী ই’কমৰ কৰ্মচাৰীৰ লগতে এজন মোবাইলৰ ৰিটেলাৰক গ্ৰেপ্তাৰ কৰি ২০ টা চুৰি মোবাইল উদ্ধাৰ কৰে। ধৃত ই’কমৰ কৰ্মচাৰী কেইজন ক্ৰমে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা গাঁৱৰ চিৰঞ্জিত দাস, কালাপানীৰ ৰুবুল ইছলাম আৰু দক্ষিণ শালমাৰা থানা এলেকাৰ মহামায়া নগৰৰ অমিত কুমাৰ সাহা। আনহাতে ধৃত মোবাইল ৰিটেলাৰ জন গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানা এলেকাৰ খলিছাভিটা গাঁৱৰ মোকছেদুল ইছলাম। ধৃত মোবাইল চোৰ কেইটাৰ পৰা ইতিমধ্যে ২০ টা মোবাইল জব্দ কৰা হৈছে। উদ্ধাৰ হোৱা মোবাইল কেইটাৰ মূল্য প্ৰায় চাৰি লাখ টকা হব বুলি ধাৰণা কৰা হৈছে। ই’কমৰ কৰ্মচাৰী কেইজন এমাজন, ফ্লিপকাৰ্ড, স্নেপডিল আদিৰ জৰিয়তে গ্ৰাহকৰ নামৰ অহা মোবাইল ফোন গ্ৰাহকক যোগান নিদি নিজে পেকেট খুলি মোবাইলটো চুৰি কৰি পেকেটত অন্য বেয়া মোবাইল দি পুনৰ পেকেট কৰি গ্ৰাহকে অৰ্ডাৰ লোৱা নাই বুলি ই’কমলৈ উভতাই পঠায়। আনহাতে ই’কমৰ কৰ্মচাৰী জনে চুৰি কৰা মোবাইলটো ধৃত ৰিটেলাৰ জনৰ ওচৰত বিক্ৰী কৰে। বিগত কেবা মাহৰ ভিতৰত প্ৰায় ৪০ লাখ টকাৰ দুই শতাধিক মোবাইল এইদৰে হেৰাই যোৱাৰ ফলত ই’কমৰ পৰা গোচৰ দিয়াত অপৰাধী কেইটাক কৰায়ত্ব কৰি ২০ মোবাইল উদ্ধাৰ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে আজি বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ডেলিভাৰী বয় চাৰি জনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাত আদালতে তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা