বৰপেটা থানাত কিদৰে ৰখা হৈছে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক…?



প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ এপ্ৰিলঃ বৰপেটা আদালতে ৫ দিনৰ আৰক্ষী জিম্মাত প্ৰদান কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীয়ে এতিয়া কিদৰে সময় কটাইছে? এই বিষয়ে আজি জিগনেশ মেৱানীৰ এগৰাকী আত্মীয়ই জনালে কিছু কথা।আত্মীয়গৰাকীয়ে জনোৱা মতে, জিগনেশ মেৱানীয়ে (Jignesh Mewani) এতিয়া কিতাপ, আলোচনী আৰু বাতৰি কাকত পঢ়ি সময় কটাইছে ৷ আৰক্ষী জিম্মাত তেওঁ বৰ্তমান ঠিকেই আছে আৰু ভালদৰে খোৱা-বোৱা কৰি আছে ৷ অৱশ্যে তেওঁৰ টোপনি হোৱা নাই।  আৰক্ষীৰ ব্যৱহাৰো ভাল বুলি প্ৰশংসা কৰে আত্মীয়গৰাকীয়ে ৷ আত্মীয়গৰাকীয়ে উল্লেখ কৰে যে,  এটা মিছা অভিযোগত তেওঁক এনেদৰে হাৰাশাস্তি কৰিলেও আদালতে তেওঁক ন্যায় দিব বুলি আশাবাদী। ৫ দিনৰ পিছত তেওঁ ন্যায় পাব বুলি আশা প্ৰকাশ কৰি পৰিয়ালৰ লোক তেওঁক লৈ চিন্তিত বুলি জানিবলৈ দিয়ে।আত্মীয়গৰাকীয়ে কয় যে, অসমৰ চাহ পৃথিৱী বিখ্যাত, অসমখনৰ লগতে ইয়াৰ লোকসকলো বৰ ভাল ৷ কিন্তু জিগনেশ মেৱানীৰ ক্ষেত্ৰত বিজেপি চৰকাৰে অসমৰ বদনাম কৰিছে। মেৱানীৰ গ্ৰেপ্তাৰ তথা সকলোখিনি  অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে হৈ থকা বুলি অভিযোগ কৰে মেৱানীৰ আত্মীয়ই। তেওঁ অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাজনীতি কৰিবলৈ আহ্বান জনাই গুজৰাটৰ ৰাজনীতিত জড়িত নহ'বলৈ আহ্বান জনায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা