মে' দিৱস--

##মে' দিৱস--
---------------------------------------
     ✍️বিথীকা দত্ত,  

""অ' জুমে জুমে আহ কেঁচা সোণ 
আহ বণুৱাৰ দল। 
      ন- পোহৰৰ জিলিক সানি 
      যাওঁ আগুৱাই ব'ল""!!!

                      মে' দিৱস শ্রমিকসকলৰ দিৱস। বৰ্তমান সমগ্ৰ পৃথিৱীতে "আন্তজাৰ্তিক শ্রমিক ঐক্য আৰু সংহতি দিৱস"ৰূপে এই দিৱস পালন কৰা হয়। এই দিৱস প্ৰতিবছৰে মে' মাহৰ এক তাৰিখে পালন কৰা হয়। 
           ১৯১৯চনত আন্তজাৰ্তিক শ্রমিক সংস্থা গঠিত হয়। বিশ্ব শ্রমিকসকলৰ স্বাৰ্থ ৰক্ষা কৰি তেওঁলোকৰ সৰ্বপ্রকাৰ উন্নতি সাধন কৰি অন্য শ্রেণীৰ মানুহৰ সমান সন্মান দিয়াটোৱে এই সংস্থাৰ মুখ্য উদ্দেশ্য। 
          বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত আমেৰিকা, ইউৰোপ, গ্ৰেটবৃটেন আদি ৰাষ্ট্র সমূহত শিল্প উদ্যোগ গঢ়ি উঠে। কালক্রমত উদ্যোগপতি আৰু শ্রমিকসকলৰ আৰ্থিক দিশৰ ব্যয়ধান অতি বৃদ্ধি পায়। মালিক আৰু শ্রমিকৰ মাজত থাকিবলগীয়া মধুৰ সম্পৰ্ক আৰু বুজাবুজিৰ অভাৱ ঘটে। যিসকলে কঠোৰ পৰিশ্রম কৰি বস্তু উৎপাদন কৰে তেওঁলোকৰ এমুঠি জোৰাই খাবলৈ ভাতৰ নাটনি, পিন্ধিবলৈ কাপোৰৰ অভাৱ ,থাকিবলৈ এটি সুস্থ পৰিৱেশৰ ঘৰ নাই আনহাতে উদ্যোগপতি সকল সকলো ফালৰ পৰাই নদন-বদন। ইফালে শ্রমিকসকলে গোটেই দিনটো জিৰণি নোলোৱাকৈ কাম কৰিব লাগে। এইবিলাক কাৰণেতেই শ্রমিকসকলে উদ্যোগ পতি সকলৰ বিৰুদ্ধে কামৰ সময় নিতৌ আঠ ঘন্টা কৰিবলৈ ১৮২০ চনত এক আন্দোলন আৰম্ভ কৰে। তাৰেই ফলস্বৰূপে ১৮৯১ চনত ১ মে' দিনটো মে' দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 
    "ৰাভাৰ তীক্ষ্ণ ভাষাৰে"----
""দুখীয়া কলিজা নিঙাৰি লব, 
   টুপি টুপি তেজ শুহি শুহি পিব, 
    ৰুকি ৰুকি মঙহ চোবাই খাব, ---
কুৰুকি হাৰ কেইডালো চোবাব, ---
-----হুচিয়াৰ ! হুচিয়াৰ !!
ধনী ! মহাজন !! জমিদাৰ !!!
            শ্রমিকসকলে কল-কাৰখানা ধোঁৱা আৰু অসুস্থ পৰিৱেশত দিনে পোন্ধৰ বিশ ঘন্টাকৈ পৰিশ্রম কৰিব লগা হয়। ১৮২০ চনত আৰম্ভ কৰা শ্রমিকৰ আন্দোলন আমেৰিকাৰ পৰা ইউৰোপৰ দেশবোৰলৈও বিয়পি পৰিছিল। লাহে লাহে এই শ্রমিক আন্দোলনত পৃথিৱীৰ বহুতো দেশৰ শ্রমিকসকলে এক হৈ তেওঁলোকৰ সামুহিক মংগলৰ কথা চিন্তা কৰিবলৈ ১৮৬৪ চনত "আন্তজাৰ্তিক শ্রমিক সংস্থা"গঠন কৰে। ১৮৬৬ চনত বহুতো শ্রমিক সংগঠন একত্রিত হৈ এখন পতাকাৰ তলত মাৰবান্ধি থিয় হয়। শ্রমিকসকলৰ প্রবাদত সহানুভূতিৰে নাচাই পুঁজিপতি, উদ্যোগ পতি, মালিক আৰু চৰকাৰ একত্রিত হৈ শ্রমিকসকলৰ আন্দোলন মষিমূৰ কৰিবলৈ মাৰপিট আৰু গুলিচালনা কৰিবলৈ ধৰিলে, ফলস্বৰূপে বহুতো শ্রমিক আহত হ'ল আৰু বহুতো শ্রমিকে মৃত্যুক সাৱটি ল'বলগা হ'ল। এই অদূৰদৰ্শী ব্যৱস্থাই শ্রমিকসকলক দুগুণে ক্ষব্ধ কৰি তুলিলে। ১৮১৯ চনত ব্রুচেলচত পতা শ্রমিক সন্মিলনত উক্ত প্রস্তাৱ পুণৰ উত্থাপন আৰু গৃহীত কৰি ১ মে' দিৱসটো " আন্তজাৰ্তিক শ্রমিক ঐক্য আৰু সংহতি দিৱস"ৰূপে পালন কৰিবলৈ লয়। পৃথিৱীৰ অধিকাংশ দেশে এই দিনটো ছুটি দিন হিচাবে ঘোষণা কৰে। 
         এই মে' দিৱসত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰি তেওঁলোকৰ অভাৱ অভিযোগবোৰৰ বিষয়ে আলোচনা কৰি আশু সমাধানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। শ্রমিক সংগঠন হোৱাৰ ফলত তেওঁলোকৰ লাঞ্ছিত আৰু অৱহেলিত পৰা দূৰ হ'ল, কৰ্মক্ষেত্রৰ পৰিবেশ উন্নত হ'ল। এতিয়া মে'দিৱস শ্রমিকসকলৰ মংগল কামনাৰ দিৱস। যন্ত্র-পাতি, গাড়ী-মটৰ ৰেল-জাহাজ, সকলো সামগ্ৰী শ্রমিকসকলেই প্রস্তত কৰে। বৰ্তমানত শ্রমিকসকলৰ অবিহনে কৃষিজাত, বনজাত, খনিজাত একো বস্তুৱেই উৎপাদন সম্ভৱ নহয়। 
        শ্রমিকসকলৰ জীৱনৰ সমস্যাসমূহ সমাধানৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ -সবল হ'লেহে দেশত অধিক উৎপাদন সম্ভৱ মে' দিৱসৰ তাৎপৰ্য্যৰ কথা উপলব্ধি কৰি শ্বমিকসকলক উংসাহিত কৰিলেহে প্ৰযুক্তিবিদ্যাৰ উন্নতি ঘটিব আৰু দেশসমূহৰো সৰ্বতোপ্রকাৰৰ মংগল হ'র। আমিও যদি এই দেশসমূহক অনুকৰণ কৰি আমাৰ দেশৰ শ্রমিকসকলৰ প্রতি সচেতন হওঁ তেন্তে আমি ন দি কব পাৰিম তথা আশা কৰিব পাৰিম যে --আজিৰ শ্রমিক কালিলৈ দেশৰ ভৱিষৎ ।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা