শিৱসাগৰ জিলাৰ কেইবাটাও স্থানত বিভিন্ন দিশৰ পৰ্যবেক্ষণ জিলা উপায়ুক্ত মেঘ নিধি দাহালৰ*

*শিৱসাগৰ জিলাৰ কেইবাটাও স্থানত বিভিন্ন দিশৰ পৰ্যবেক্ষণ জিলা উপায়ুক্ত মেঘ নিধি দাহালৰ*
আমাৰ প্ৰণাম শিৱসাগৰ: শিৱসাগৰ জিলাৰ উপায়ুক্ত শ্ৰী মেঘ নিধি দাহালে জিলাখনৰ কেইবাটাও স্থানত বিভিন্ন দিশৰ পৰ্যবেক্ষণৰ লগতে নিতাই পুখুৰী সমবায়স্থিত নিৰ্ধাৰিত মূল্যৰ ধান ক্ৰয় ক্ৰেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেখেতে এই কেন্দ্রৰ পৰা আশা কৰা মতে জিলাখনৰ ভিতৰত এক বিশেষ স্থান দখল কৰাৰ যি প্ৰয়াস কৰিছিল, তাক চৰকাৰী তথ্যৰ লগতে কেন্দ্ৰটিয়ে লোৱা ভূমিকাৰ বিষয়ে চৰজমিন তদন্ত কৰি সন্তুষ্টি প্ৰকট কৰে। চৰকাৰী তথ্য অনুযায়ী অতি কম সময়ৰ ভিতৰত প্ৰায় ১৬০০ কুইন্টল ধান সংগ্রহ কৰাৰ বিপৰীতে কেন্দ্ৰটিয়ে অদ্যপৰিমিত প্ৰায় ৩৭০০ শ কুইণ্টল ধান সংগ্রহ হোৱাৰ বিষয়ে জানিব পাৰে। এই সন্দৰ্ভত কেন্দ্রটিয়ে মজুতকৰনৰ তথা আনুসংগিক ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ বাবে প্ৰয়োজনীয় মজুত ভড়ালকে আদি কৰি চৰকাৰী ভাবে পাব পৰা সকলো সুবিধাৰ ক্ষেত্ৰত যাবতীয় পদক্ষেপ গ্ৰহনাৰ্থে নাফেদ আৰু ভাৰতীয় খাদ্য নিগমৰ সতেজ ফোন যোগে বাৰ্তালাপ কৰে। কৃষকে প্ৰকৃত সুবিধা পোৱাৰ পৰা যাতে কোনোধৰণৰ বাধা আহিব নোৱাৰে তাৰ বাবে প্ৰয়োজনত বিভাগীয় কৰ্মচাৰী কৃষকৰ ঘৰে ঘৰে যাবলৈও প্ৰস্তুত হ'ব লাগিব বুলি আহ্বান জনায়। তেখেতে আশা কৰে নিতাই পুখুৰী পি পি চি কেন্দ্রই বিশেষ ধান উৎপাদন  স্থলীত স্থাপন হোৱাৰ পৰিপ্ৰেক্ষিতত ই জিলাখনৰ ভিতৰতে এক শ্ৰেষ্ঠ কেন্দ্রৰূপে ৰাজ্যৰ কৃষি ক্ষেত্রখনিলৈও বৰঙণি  আগবঢ়াব। উপায়ুক্ত মহোদয়ৰ লগতে অতিৰিক্ত উপায়ুক্ত কৰমদেৱ ব্ৰহ্ম, খাদ্য  অসামৰিক যোগান বিভাগৰ অধীক্ষক উজ্জ্বল ফুকন, কৃষি সংমণ্ডল বিষয়া আছিফ বৰা আৰু ডিমৌ সহকাৰী খন্ড উন্নয়ন বিষয়া বেণুধৰ টাহুৰ ডাঙৰীয়াও উপস্থিত থাকে। ইয়াৰ  ওপৰিও উপায়ুক্ত মহোদয়ে  খঙ্গীয়া আদৰ্শ আৰু ৰাজমাই আদৰ্শ হাইস্কুল নিৰ্মাণ সম্পুৰ্ণ হোৱা কামৰ বুজ লোৱাত ৰাইজে সন্তুষ্ট ব্যক্ত কৰে। ইয়াৰ পিছত উপায়ুক্ত মহোদয়ে ডিমৌ আৰক্ষী চকী পৰিদৰ্শন কৰি তাৰে বিষয়া- কৰ্মচাৰীৰ সৈতে স্থানীয় আইন শৃংখলাৰ পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা