২৪ এপ্ৰিলৰ পৰা সমগ্ৰ দেশৰ লগতে ধুবুৰীতো বিশেষ অভিযান
ধুবুৰীত পিএম কৃষান যোজনাৰ ৬৭ হেজাৰ হিতাধিকাৰীক কে চি চি দিয়াৰ লক্ষ্য
ফচল বীমাৰ প্ৰশিক্ষণ দিবলৈ গাঁও পঞ্চায়ত পৰ্যায়ত কাৰ্যসূচী
ধুবুৰী, ২২ এপ্ৰিল
ধুবুৰী জিলাৰ প্ৰধানমন্ত্ৰী কৃষান যোজনাৰ ৬৭ হেজাৰ হিতাধিকাৰীক কৃষান ক্ৰেডিট কাৰ্ড প্ৰদানৰ লক্ষ্যৰে ২৪ এপ্ৰিলৰ পৰা ১ মে'লৈ বিশেষ অভিযান আৰম্ভ হ'ব৷ কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ ভিত্তিত সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাতো এই অভিযান চলোৱা হ'ব৷ সমান্তৰালভাৱে ২৫ এপ্ৰিলৰ পৰা ১ মে'লৈ 'প্ৰধানমন্ত্ৰী ফচল বীমা পাঠশালা' নামেৰে ৭ দিনীয়া আন এক অভিযানো চলোৱা হ'ব৷ এই দুয়োটা কাৰ্যসূচীৰ সফল ৰূপায়নেৰে কৃষকক লাভান্বিত কৰিবলৈ চলোৱা প্ৰস্তুতিৰ অংশ হিচাপে আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত অভিযান দুটাৰ সফল ৰূপায়নৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়৷ 'কৃষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী' শীৰ্ষক কাৰ্যসূচীৰ অধীনত হ'বলগীয়া প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ সকলো হিতাধীকাৰীক কৃষান ক্ৰেডিট কাৰ্ড অৰ্থাৎ কেচিচি প্ৰদান কাৰ্যসূচী অহা ২৪ এপ্ৰিলত বিশেষ গ্ৰামসভাৰ জৰিয়তে আৰম্ভ হ'ব৷ এই গ্ৰামসভাত উপস্থিত থাকিবলগীয়া কৃষকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমেৰে সম্বোধন কৰিব৷ আজিৰ বৈঠকত জিলা উন্নয়ণ আয়ুক্তই খণ্ড উন্নয়ণ বিষয়াসকলক দিনৰ ১১ বজাত গ্ৰামসভাৰ আয়োজন কৰি প্ৰধানমন্ত্ৰী কৃষান যোজনাৰ সকলো হিতাধিকাৰীৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ পঞ্চায়ত সচিবৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ এই গ্ৰামসভাতে কৃষান ক্ৰেডিট কাৰ্ড পাবৰ বাবে জমা দিবলগীয়া এপৃষ্ঠাৰ নিৰ্দিষ্ট প্ৰ-পত্ৰ বিতৰণ কৰা হ'ব আৰু প্ৰ-পত্ৰখন পূৰণত কৃষকক সহায় কৰি দিয়া হ'ব৷ গ্ৰামসভাত কৃষি বিভাগৰ কৰ্মচাৰী, বেংক সখী আদিকো উপস্থিত থাকি কৃষকক সকলো বিষয় বুজাই দিবলৈ কোৱা হৈছে৷ কৃষকৰ লগতে মীন পালক আৰু পশুপালককো কে চি চি দিয়াৰ যাবতীয় ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক কোৱা হয়৷ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে ইতিমধ্যে পি এম কৃষান যোজনাৰ হিতাধিকাৰীৰ তালিকা খণ্ড উন্নয়ণ বিষয়া আৰু বেংকসমূহলৈ প্ৰেৰণ কৰিছে৷ আনপিনে 'প্ৰধানমন্ত্ৰী ফচল বীমা পাঠশালা' শীৰ্ষক কাৰ্যসূচী ২৫ এপ্ৰিলৰ পৰা ১ মে'লৈ প্ৰতিদিনে নিৰ্ধাৰিত সংখ্যক গাঁও পঞ্চায়তত চলোৱা হ'ব৷ এই কাৰ্যসূচীত কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সবিশেষ কথা কৃষকক বুজাই দিয়া হ'ব৷ দুয়োটা কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে কাম কৰিবলৈ পঞ্চায়ত প্ৰতিষ্ঠান, খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়, কৃষি বিভাগ, বেংক, বীমা প্ৰতিষ্ঠান আৰু অন্যান্য সহযোগী বিভাগসমূহক জিলা উন্নয়ণ আযুক্তই আহ্বান জনায়৷ আজিৰ বৈঠকত সহকাৰী আয়ুক্ত অমৃতা দত্ত, খণ্ড উন্নয়ণ বিষয়াসকল, জিলা কৃষি বিষয়াকে ধৰি বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বীসকল, লীড বেংক মেনেজাৰকে ধৰি বিভিন্ন বেংকৰ বিষয়া আদি উপস্থিত থাকে৷ বৈঠকৰ পিছতে জিলা উন্নয়ণ আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰি দুয়োটা কাৰ্যসূচীৰ বিষয়ে সাংবাদিকক অৱগত কৰে৷
প্ৰেৰক- জিতু মণি দাস, ধুবুৰী
Comments
Post a Comment