বৰপেটা মুছলিমপট্টি ইফটাৰত বিভিন্ন জাতি-জনগোষ্ঠী লোকৰ অংশগ্ৰহণ

# #

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা, ২৮ এপ্ৰিলঃ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা নগৰ সমিতিৰ  উদ্যোগত আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ বৰপেটা জিলা সমিতিৰ সহযোগত কালি  বৰপেটা টাউন হাইস্কুলত সমূহীয়া ইফটাৰৰ আয়োজন কৰা হয়। এই ইফটাৰত অসম জাতীয় পৰিষদৰ সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ গায়নে  উপস্থিত থাকি কয় যে- এই সমূহীয়া ইফটাৰত উপস্থিত থাকিবলৈ পাই খুবেই আনন্দিত, এইখন শংকৰ-মাধৱৰ লগতে আজানৰ দেশ,কালিৰ এই ইফটাৰ পাৰ্টিত বিভন্ন জাতি-জনগোষ্ঠী তথা বিভিন্ন ধৰ্ম্মালম্বীৰ লোকে অংশগ্ৰহণ কৰে, ইয়াৰ দ্বাৰাই সাতামপুৰুষীয়া ঐক্য-শান্তি বিনষ্ট হবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি লয়, আমি সকলোকে দেখুৱাই দিছো-আমাৰ মাজত কোনো হিন্দু-মুছলমানৰ ভেদাভেদ নাই, আমি অসমত অসমীয়া হিচাপে বসবাস কৰি আছো৷ এই ইফটাৰত বিজেপিৰ সভাপতি অনিল দাস,  গৌতম পাঠক, হেমন্ত দেউৰী, ৰূপক বায়ন, বৰপেটা পৌৰসভাৰ সভাপতি চবিলাল দাস, ৰঞ্জিত দাস, অনুজিৎ দাস, কাদেৰ খুছনৱিশ হাজৰিকা আৰু কংগ্ৰেছৰ বৰপেটা টাউন ব্লকৰ দিজু শৰ্মাৰ লগতে এবিভিৰ ত্ৰিদিপ কুমাৰ দাস আৰু আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাস, সমাজ কৰ্মী মিদুল হুছেইনৰ  লগতে গৰিয়া উন্নয়ন পৰিষদৰ সদস্য তথা অধিবক্তা ধনী আলী বিজেপিৰ সংখ্যালঘুৰ মৰ্চাৰ  বৰপেটা জিলা সমিতিৰ সদস্য তাৰিক হুছেইন, উপস্থিত থাকে। সদৌ অসম গৰিয়া  মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আতিকুল হক (পিনু) কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মফিদুল হক ( বিন্টু ) , বৰপেটা জিলা সমিতিৰ সভাপতি চলমান হুছেইন , সাধাৰণ সম্পাদক ( সাংগঠনিক ) চহিদুল ইছলাম, কায্যকাৰী সভাপতি মৌছম নাজিম  বৰপেটা নগৰ সমিতিৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি দাদুলৰ ৰহমান, সাধাৰণ সম্পাদক ইমৰাণ হুছেইনৰ লগতে বৰপেটা খাদেমুল ইছলাম সমাজৰ সম্পাদক হুছেইন ৰিজৱানীৰ লগতে বৰপেটা জিলাৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিকৰ লগতে ৱেব পৰ্টেলৰ সাংবাদিক আৰু বৰপেটা খাদেমুল ইছলাম সমাজৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা