সৰুক্ষেত্ৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত তিনি বছৰীয়া শিশু #
# সৰুক্ষেত্ৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত তিনি বছৰীয়া শিশু #
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২২ এপ্রিলঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ কাৱৈমাৰী ৯ নম্বৰ ব্লকত আজি পুৱা এটা পথ দুৰ্ঘটনা সংঘটিত হয় । উক্ত পথ দুৰ্ঘটনাত থিতাতে এগৰাকী তিনিবছৰীয়া শিশু নিহত হয় । দুৰ্ঘটনাত তিনিবছৰীয়া শিশুৰ মৃত্যুত সমগ্ৰ কাৱৈমাৰী অঞ্চলত শোকৰ ছা পৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাবৈমাৰী ৯ নম্বৰ ব্লকত পুৱাৰ ভাগতে বালাপাৰা ভক্তৰডৱা পথৰ কাৱৈমাৰী ৯ নম্বৰ ব্লকত সংঘটিত হোৱা পথ দূৰ্ঘটনাত থিতাতে নিহত হোৱা শিশুটি কাৱৈমাৰীৰ দলুৰুদ্দিনৰ তিনিবছৰীয়া পুত্ৰ আল আমিন বুলি জানিব পৰা গৈছে। উক্ত দূৰ্ঘটনাত এগৰাকী বৃদ্ধা মহিলাও আহত হৈ চিকিৎসাধীন অৱস্থাত আছে। উল্লেখ্য,বালাপাৰা ভক্তৰডৱা পথেৰে বৃদ্ধা গৰাকীৰ সতে খোজকাঢ়ি গৈ থকা অৱস্থাত এএছ-১৫ চি ৯১৩৪ নম্বৰৰ বলে'ৰ পিক আপ ভেনখনে দুয়োকে খুন্দিয়াৰ ফলত শিশুটি থিতাতে নিহত হোৱাৰ লগতে বৃদ্ধা গৰাকী গুৰুতৰভাৱে আহত হয়। দূৰ্ঘটনা সংঘটিত কৰিয়ে বলে'ৰ পিক আপ ভেনখনৰ চালকজনে পলায়ন কৰে। পিছত বালাপাৰা আৰু সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পিছতে বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Comments
Post a Comment