মে দিৱস

প্ৰতি ,
মাননীয় সম্পাদক,                                 
                                              ১ মে’  দিৱস হৈছে বিশ্বৰ শ্ৰমিক দিৱস।এই মে দিৱস  শ্ৰমিকৰ আন্দোলনৰ পটভূমিত পালিত হয়। মে' দিৱসৰ এক ঐতিহ্যপূৰ্ণ ইতিহাস আছে । ১৮৯০ চনৰ ১ মে’ৰ পৰা পালিত হোৱা  এই শ্ৰমিক দিৱস বৰ্তমান ২০২২  চনত প্ৰৱেশ কৰিছে। প্ৰতি বছৰে ১ মে’ তাৰিখত বিশ্বৰ সকলোবোৰ  নগৰ–চহৰতে মেহনতী জনতা, শ্ৰমিক  শ্ৰেণীয়ে সংঘবদ্ধ হয় আৰু অতীতক সোঁৱৰণ কৰি প্ৰতিজ্ঞাবদ্ধ হয় শোষিত বঞ্চিত শ্ৰমিক শ্ৰেণীয়ে ভৱিষ্যতৰ  জীৱন যাত্ৰাৰ মান উন্নত কৰি নতুন কৰ্মপন্থাৰে আগবাঢ়ি যোৱাৰ। কিয় আৰু কাৰ বাবে পালিত হয় এই শ্ৰমিক দিৱস আৰু কিয় এই দিৱস ১ মে'ত পালিত হয়, শ্ৰমিকৰ পতাকা কিয় ৰঙা? তাক লৈ মোৰ দুষাৰ ।

১৮৮৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত ৮ ঘণ্টা কামৰ সময় নিৰ্দ্ধাৰণ কৰাৰ দাবীত কাৰখানাৰ এদল শ্ৰমিকে এক শ্ৰমিক আন্দোলন আৰম্ভ কৰে। আৰু আন্দোলনকাৰী শ্ৰমিক  ৮ ঘণ্টীয়া সময়সূচী ৰূপায়ণ কৰিবলৈ ১৮৮৬ চনৰ ১মে’ বান্ধি দিয়ে কাৰন সেইসময়ত কামৰ সময় বেছি কিন্তু নূন্যতম মজুৰি  কিন্তু কাৰখানাৰ মালিকে এই দাবীৰ প্ৰতি কোনো সহাৰি  আৰোপ নিদিলে। সেয়ে ইয়াৰ প্ৰতিবাদত ১৮৮৬ চনৰ ৪ মে’ত শ্ৰমিকসকল পুনৰ একগোট হৈ চিকাগো চহৰৰ বাণিজ্যিক এলেকা হে–মাৰ্কেটত এক বৃহৎ শ্ৰমিক প্ৰতিবাদী শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। আগষ্ট স্পীজ নামৰ শ্ৰমিক নেতা এজনে ১৮৭২ চনৰ কানাডাত অনুষ্ঠিত বিশাল শোভাযাত্ৰাৰ সাফল্যৰ বিষয়ে শ্ৰমিকসকলৰ আগত ব্যক্ত কৰি আছিল। কিন্তু তেনে সময়তে কিছু দূৰৈত টহল দি থকা আৰক্ষী দলৰ কাষত হোৱা বোমা বিস্ফোৰণত এজন পুলিচ নিহত হয়। ততালিকে পুলিচ বাহিনীয়ে শ্ৰমিকসকলৰ ওপৰত গুলি চালনা আৰম্ভ কৰে য’ত ১১ জন শ্ৰমিক নিহত হয়, শশ শ্ৰমিক আহত হয় , শ্ৰমিকসকলৰ বগা কাপোৰ তেজেৰে ৰাঙলী হৈ পৰিল।পুলিচ হত্যাৰ অপৰাধত শ্ৰমিক নেতা আগষ্ট স্পীজ সহঃ ৮জনক মিছা অভিযোগত অভিযুক্ত কৰি প্ৰহসনমূলক এক বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰি ৭জনক ফাঁচী আৰু এজনক পোন্ধৰ বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰা হয়। শ্ৰমিক আন্দোলনৰ নেতা স্পীজ সহঃ ৬জনক
১৮৮৭ চনৰ ১১ নবেম্বৰত  মুকলি স্থানত ফাঁচী প্ৰদান কৰে আৰু শ্ৰমিক নেতা লুইছ লিং নামৰ অভিযুক্ত শ্ৰমিক এজনে ফাঁচীৰ আগদিনা আত্মহত্যা কৰে।’– আগষ্ট স্পীজে ফাঁচী কাঠত উঠাৰ আগতে চিঞৰি কৈছিল
 ‘আজি আমাৰ এই নিঃশব্দতাই এদিন তোমালোকৰ কোলাহলতকৈ আপেক্ষিকভাৱে অধিক শক্তিশালী ৰূপ ল’।

১৮৮৬ চনৰ ৪ মে’ত সংঘটিত হোৱা বিস্ফোৰণৰ অজ্ঞাতসকলৰ পৰিচয় কাহানিও প্ৰকাশ নোহোৱাকৈ থাকি গ’ল। ইলিয়নৰ গভৰ্ণৰে ১৮৯৩ চনৰ ২৬ জুনত অভিযুক্তসকলৰ আঠজনকেই নিৰপৰাধী বুলি ৰায় দান কৰি দূৰ্নীতিৰ অভিযোগত অভিযুক্ত কৰে সেই হত্যাৰ হুকুম দিয়া পুলিচৰ কমাণ্ডাৰজনক।

১৪ জুলাই ১৮৮৯ চনত ফ্ৰান্সৰ ৰাজধানী পেৰিচত ফৰাচী বিপ্লৱৰ শতবাৰ্ষিকী উপলক্ষে শ্ৰমজীৱী মানুহৰ আন্তঃৰাষ্ট্ৰীয় মহাসন্মিলন অনুষ্ঠিত হয়। য’ত বিশ্বৰ বিশখন দেশৰ ৩৯০ গৰাকী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই মহাসন্মিলনৰ সিদ্ধান্ত অনুযায়ী ১৮৯০ চনৰ পৰা ১ মে’ৰ দিনটো সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংহতি দিৱসৰূপে উদযাপিত হৈ আহিছে। 

১৮৯১ চনত বৰ্তমানৰ বেলজিয়ামৰ ৰাজধানী ব্ৰুচেলছত অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনত কামৰ সময় আঠ ঘণ্টা বাহাল ৰখাৰ দাবীকে পুনৰবাৰ ঘোষণা কৰা হয় মে’ দিৱসৰ দাবী হিচাপে। ১৯১৮ চনত সমাজতান্ত্ৰিক ছোভিয়েট ইউনিয়নৰ ৰাজধানী মস্কোত বিশ্বৰ বিভিন্ন দেশৰ শ্ৰমিক প্ৰতিনিধিসকলৰ অংশগ্ৰহণেৰে আয়োজন কৰাৰ পৰাই মে’ দিৱস আন্তৰ্জাতিকভাৱে অধিক তাৎপৰ্যপূৰ্ণ আৰু শক্তিশালী ৰূপ লৈ উঠে।

কামৰ সময় নিৰ্দ্ধাৰণৰ বাবে কৰা শ্ৰমিক আন্দোলনৰ প্ৰেক্ষাপটত জন্ম লোৱা মে’ দিৱস এই মুহুৰ্তত সমগ্ৰ বিশ্বতে ইয়াৰ শক্তিশালী প্ৰভাৱ পৰিছে। ভৱিষ্যৎ প্ৰজন্মৰ নিজ অধিকাৰ সুৰক্ষাৰ বাবে শোষিত–নিষ্পেষিত সেই মহান শ্ৰমিকসকলে কৰি যোৱা আত্মত্যাগ আজি বিশ্বৰ শ্ৰমিকসকলৰ বাবে মুক্তিৰ নতুন সপোন।  আজিৰ এই মে দিৱসত নিষ্পেষিত নিপিড়ীত শোষিত বঞ্চিতৰ আত্মত্যাগে কৰা সেইসকল  শ্ৰমিক নেতাক শ্ৰদ্ধাৰে সুঁৱৰিছো। বৰ্তমান সময়ত এই মে' দিৱসত শ্ৰমিকসকলেই নহয় নিষ্পেষিত নিপিড়ীত শোষিত বঞ্চিতৰ শ্ৰেনীৰ মুক্তিৰ হকে ছাত্ৰ যুৱক মহিলা কৃষক শ্ৰমিকে  উদযাপিত কৰি আহিছে ।                                     
                                          ইতি,
লেখক  গাজিউৰ ৰহমান চৌধুৰী, ছাত্ৰ দ্বিতীয় ষান্মাসিক স্নাতকোত্তৰ, 
ৰসায়ন বিজ্ঞান বিভাগ, 
অসম ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়
 ফোন ৭০০২২৬২২৭৬

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা