ঐতিহ্য মণ্ডিত ডিমিলাপাৰৰ শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানত ৫৭৩ সংখ্যক বাৰ্ষিক হোমযজ্ঞৰ আয়োজনঃ

ঐতিহ্য মণ্ডিত ডিমিলাপাৰৰ শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানত ৫৭৩ সংখ্যক বাৰ্ষিক হোমযজ্ঞৰ আয়োজনঃ

নয়নজ্যোতি দাস, তামুলপুৰ, ২৩ এপ্ৰিলঃ

তামুলপুৰ জিলা সদৰৰ ডিমিলাপাৰত অৱস্থিত অতি প্ৰাচীন আৰু ঐতিহ্য মণ্ডিত ডিমিলাপাৰ শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানত ৫৭৩ সংখ্যক বাৰ্ষিক হোমযজ্ঞ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  অহা ১২ আৰু ১৩ ব'হাগ (২৬ আৰু ২৭ এপ্ৰিল)ত  উদযাপন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। কাৰ্যসূচী অনুসৰি ১২ ব'হাগ (২৬ এপ্ৰিল)ৰ পুৱা ৮:০০ বজাত মুখ্য দ্বাৰ উন্মোচনেৰে কাৰ্যসূচী মুকলি কৰিব ডিমিলাপাৰ গাঁও পৰিচালনা সমিতিৰ সভাপতি গুণজিত দাসে। ৮:৩০ বজাত ধৰ্মধ্বজা উত্তোলন। ধৰ্মধ্বজা উত্তোলন কৰিব তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ গৌতম মেধি, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মহেশ বৈশ্য, যুৱ ব্যৱসায়ী নৰেন মেধি ,অনিল দাস,সোনেশ্বৰ দাস,মাণিক দাস আৰু ভৱেন দাসে। ৯:৩০ বজাত শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিব তামুলপুৰৰ জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকা আৰু মাল্যাৰ্পণ কৰিব দৈনিক জনমভূমি কাকতৰ সংবাদ দাতা আনন্দ ৰামচিয়াৰীয়ে। ১০:৩০ বজাত বৃক্ষ ৰোপণ । এই কাৰ্যসূচী ৰূপায়ণ কৰিব বিশিষ্ট সমাজ কৰ্মী চমেন পাঠক,প্ৰসন্ন দাস,ৰঞ্জন পাঠক,পিযুষ চৰকাৰ,ৰমেন দাস,হিতেশ ডেকা, পদ্মলোচন দাস,নিখিল দে,লোহিত দাস, বিপুল দে আৰু সুনীল ৰাভাই।  ১১:০০ বজাত কণ কণ ল'ৰা ছোৱালীৰ খেল - ধেমালি উদ্বোধন কৰিব শাৰীৰিক নিৰ্দেশক খৰ্গেশ্বৰ দাসে। সন্ধিয়া ৬:০০ বজাত বন্তি প্ৰজ্বলন । বন্তি প্ৰজ্বলন কৰিব তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী আৰু তামুলপুৰ জিলা বিজেপিৰ সভাপতি তথা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ ভিক্টৰ কুমাৰ দাসে। সন্ধিয়া ৬:৩০ বজাত পাঠক নগেন দাসৰ দ্বাৰা ভাগৱত পাঠ । ১৩ ব'হাগ(২৭ এপ্ৰিল )ৰ পুৱা ৫:০০ বজাত মুখ্য দেউৰী ফাগুনা দাসৰ দ্বাৰা মন্দিৰৰ পূজাৰম্ভ। ৬:০০ বজাত মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব বিটিআৰৰ মনোনীত এমচিএল এ হেমন্ত কুমাৰ ৰাভাই। ৭:০০ বজাত ভাগৱত পাঠ।৮:০০ বজাত যশোদা দাসৰ পৰিচালনাত আয়তীৰ নাম। ৮:৩০ বজাৰ পৰা নাগাৰা নাম। কামৰূপ জিলাৰ ৰামদিয়াৰ পাঠক ত্ৰৈলোক্য ডেকা আৰু নলবাৰী জিলাৰ আদাবাৰীৰ নাগাৰা নামৰ পাঠক উৎপল সাগৰৰ পৰিচালনাত প্ৰদৰ্শন কৰিবলগীয়া নাগাৰা নাম উদ্বোধন কৰিব উৎপল দাসে। ১০:০০ বজাৰ পৰা পুৰোহিত কামিনী শৰ্মাৰ দ্বাৰা হোমযজ্ঞ আৰম্ভ। ১২:০০ বজাত আমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা।
আমন্ত্ৰিত অতিথি ৰূপে থাকিব--৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া,দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ এমচিএল এ বিজিত গৌৰা নাৰ্জাৰী, কামৰূপ মহানগৰ জিলা পৰিষদৰ অধীক্ষক উত্তম নাৰ্জাৰী, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লেখক,সাংবাদিক পৰেশ বৈশ্য, শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকা, গয়বাৰী টিচি এল চিচিৰ অধ্যক্ষ পবিত্ৰ কুমাৰ নাৰ্জাৰী, তামুলপুৰ উন্নয়ন খণ্ডৰ মুখ্য গাণনিক অনিল মেধি, সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়া, তামুলপুৰ প্ৰেছক্লাৱৰ সভাপতি দীপক কুমাৰ পাঠক,যুৱ সমাজ কৰ্মী অধীৰথ লাহৰী,যুৱ ব্যৱসায়ী ভাস্কৰ মেধি আদি। দিনৰ ১:০০ বজাত বাঁহ গোসাঁইৰ মন্দিৰ পৰিভ্ৰমণ। উদ্বোধন কৰিব বিটিআৰ প্ৰধান প্ৰমোদ বড়োই। ২:০০ বজাত ভেল বিসৰ্জন।২:৩০ বজাত পুষ্পাঞ্জলি প্ৰদান আৰু ৩:০০ বজাত প্ৰসাদ আৰু মহাভোগ বিতৰণেৰে কাৰ্যসূচীৰ পৰিসমাপ্তি ।###

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা