মানকাচৰত প্ৰধান মন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ পথ নিৰ্মানত বিভাগীয় ঠিকাদাৰৰ দুৰ্নীতি৷

মানকাচৰত প্ৰধান মন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ পথ নিৰ্মানত বিভাগীয় ঠিকাদাৰৰ দুৰ্নীতি৷

৩.৬৬ কোটি টকীয়া চি চি ব্লকৰ কামত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ৷ ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী৷


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৩ এপ্ৰিলঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কঠালবাৰী গাঁও পঞ্চায়তৰ এইচ এম ৰোডৰ পৰা উৰামাৰী গাওঁলৈ প্ৰায় ডেৰ কিলোমিটাৰ চি চি ব্লক পথ আৰু দলং নিৰ্মাণৰ বাবে চৰকাৰে প্ৰধান মন্ত্ৰী গ্ৰামীণ চড়ক যোজনা আঁচনিৰ জৰিয়তে ৩.৬৬ কোটি টকা মোকোলাই দিছে। গুৱাহাটীৰ সৰু মটৰীয়াৰ অমিনুৰ ৰহমান নামৰ বিভাগীয় ঠিকাদাৰ জনক এই কাম কৰাৰ বাবে দায়িত্ব দিয়া হৈছে। ঠিকাদাৰ জনে বিগত প্ৰায় তিনি বছৰ ধৰি অতি লেহেমীয়া গতিৰে দলং নিৰ্মান আৰু পথ নিৰ্মাণৰ কাম চলাই যোৱাৰ লগতে পথ নিৰ্মাণত দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে কৰা অভিযোগ মতে চি চি ব্লকৰ এই পথ নিৰ্মাণৰ কামত জি এছ বি আৰু পাথৰ নিয়ম মতে দিয়া নাই। ৮ ইঞ্চি জি এছ বিৰ ঠাইত ঠিকাদাৰ জনে মাত্ৰ ১.৫ ডেৰ ইঞ্চি জি এছ বি দি ঠায়ে ঠায়ে পাথৰ দিয়াৰ লগতে ঠায়ে ঠায়ে নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। আজি পুৱাৰ ভাগত স্থানীয় ৰাইজ পথৰ ওপৰত একত্ৰিত হৈ ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। এনেকি কেমেৰাৰ সম্মুখত নিৰ্মান কৰা পথ খান্দি দুৰ্নীতি হোৱাৰ প্ৰমাণ দাঙি ধৰে। স্থানীয় ৰাইজৰ দাবী, এই ঠিকাদাৰ জনৰ কামৰ বিৰুদ্ধে সঠিক তদন্ত কৰি পথটো সঠিক ভাবে নিৰ্মান কৰিব লাগে৷ এতিয়া চৰকাৰ তথা জিলা প্ৰশাসনে দুৰ্নীতি পৰায়ণ ঠিকাদাৰ জনৰ বিৰুদ্ধে কেনে পদক্ষেপ কৰে সেয়া পৰবৰ্তী সময়ত হব লক্ষণীয়৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা