সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ , কাৰ্যকৰী সভা সম্পন্ন*

*সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ ,  কাৰ্যকৰী সভা সম্পন্ন*
********************************
দৈনিক আমাৰ প্ৰমাণ সেৱা , বেদেতী , ২৪ এপ্ৰিল  ; 
আজি ২৪ এপ্ৰিল তাৰিখে , ৰাজধানী মজলীয়া বিদ্যালয় প্ৰাঙ্গনত দিনৰ ১০ বজাত  ৰাজ্যিক সমিতিৰ স্থায়ী সভাপতি শ্ৰীযুত উদয় কুমাৰ ৰাভাৰ সভাপতিত্বত কাৰ্যকৰী সভা এখনি অনুষ্ঠিত হৈ যায় । 
 উক্ত  সভাত ৰাজ্যৰ কেইবাখনো জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে সাধাৰণ সদস্যও অংশগ্ৰহণ কৰে । সভাত উপস্থিত থাকিব নোৱোৰা জিলা সমিতি সমূহৰ বিষয়ববীয়া সকলে আজিৰ সভাত গ্ৰহণ কৰিবলগীয়া প্ৰস্তাৱ সাদৰে গ্ৰহণ কৰি কাৰ্যকৰী কৰিব বুলি ৰাজ্যিক সমিতিক জনায় আৰু সেই মৰ্মে  কাৰ্যকৰী সভাই আগন্তুক সত্ৰ নগৰীত অনুষ্ঠিত হ'ব লগা ৰাজ্যিক সমিতিৰ বাৰ্ষিক অধিবেশনখনিৰ  তাৰিখ নিৰ্ধাৰণ  আৰু জিলা সমিতি, ব্লক সমিতি সক্ৰিয় কৰণ, বাৰ্ষিক অধিবেশনৰ পূজি সম্পৰ্কত বহুতো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় ।
  আজিৰ  কাৰ্যকৰী সভাই নিম্ন উল্লেখিত প্ৰস্তাৱ সমূহ সৰ্বসন্মত ভাবে প্ৰস্তাৱ গ্ৰহণ কৰে ।
১/ ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত হৈ থকা "সদৌ অসম ষ্টেট পুল শিক্ষক সন্থা" ৰ বাৰ্ষিক অধিবেশন খনি অহা মে মাহৰ ১৬/০৫/২০২২ তাৰিখ সোমবাৰে সত্ৰ নগৰী বৰপেটাত, বৰপেটা জিলা সমিতিৰ উদ্যোগত  আৰু ৰাজ্যিক সমিতিৰ সহযোগত বৰপেটা 'তৰুণ ৰাম ফুকন" প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচী লৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়  । 
২/ বাৰ্ষিক অধিবেশন প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন সদস্যৰ পৰা ৩০০/- টকাকৈ বাৰ্ষিক বৰঙণি তোলাৰ সৰ্বসন্মত ভাবে প্ৰস্তাৱ গ্ৰহণ কৰে ।
৩/ বৰপেটা জিলাৰ তৰুণ ৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা বাৰ্ষিক অধিবেশনত প্ৰতি খন জিলা সমিতিৰ পৰা ১০০ : ১ অনুপাতত মে মাহৰ ১০ তাৰিখৰ ভিতৰত ৰাজ্যিক সমিতিলৈ সদস্য বাচনি কৰি পঠিয়াব লাগিব , উল্লেখ থাকে যে ৰাজ্যিক সমিতিলৈ সদস্য বাচনিৰ ক্ষেত্ৰত এজন হ'লেও সদস্য বাচনি কৰিব লাগিব ।
৪/  চলিত বছৰৰ, মে মাহৰ ১০ তাৰিখৰ ভিতৰত প্ৰতিখন জিলা সমিতি/ ব্লক সমিতি সক্ৰিয় কৰণ তথা পুনৰ্গঠন কৰিবলৈ জিলা সমিতি সমূহলৈ আহ্বান জনোৱা হয়  ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা