জাতীয় মহিলা পৰিষদৰ বালিকৰিয়া আঞ্চলিক সমিতি গঠন ##

# ## জাতীয় মহিলা পৰিষদৰ বালিকৰিয়া আঞ্চলিক সমিতি গঠন   ###              দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী,২২ এপ্ৰিল:-    অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ, নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বালিকৰিয়া আঞ্চলিক সমিতি খন  আজি গঠন হয়।   নলবাৰী জিলাৰ বালিকৰিয়াত  আজি   ৰাতিপুৱা  ১১ - ৩০ বজাত অনুষ্ঠিত  সভাখনত সভাপতিত্ব কৰে জাতীয় শ্ৰমিক পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি ধৰণীধৰ ৰাজবংশীয়ে  ।  সভাখন উদ্বোধন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰণ  সম্পাদক কৌশিক বৰ্মনে উদ্বোধনী ভাষণত  সংগঠনটোৰ নীতি - আদৰ্শৰ বিষয়ে বিস্তৃত বাখ্যা কৰে। সভাখনত  উপস্থিত থাকি জাতীয় শ্ৰমিক পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক নৰকান্ত হালৈ, যুটীয়া সম্পাদক ৰামেশ্বৰ মেনা, নলবাৰী জিলা কাৰ্যনিৰ্বাহক ধৈৰ্য বৰ্মন সহ বহুকেইজন  বিষয়ববীয়াই বক্তব্য আগবঢ়ায়। উক্ত সভাতে  মিনতি দাসক সভানেত্ৰী, বীণা ৰাজবংশী, বেণু মেধিক উপ সভানেত্ৰী, ৰীতা দাসক সাধাৰণ সম্পাদিকা, গীতিকা দাস, ইৰা দাসক যুটীয়া সম্পাদিকা হিচাপে লৈ ৩৩ জনীয়া জাতীয় মহিলা পৰিষদৰ বালিকৰিয়া আঞ্চলিক সমিতি খন গঠন কৰা হয় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা