পাকাবেতবাৰী খণ্ড উন্নয়ন বিষয়াৰ আকস্মিক পৰিদৰ্শনঃ দক্ষিন বেতবাৰী পঞ্চায়তত ৰূপায়িত বিভিন্ন আঁচনিৰ বুজ ললে দিপাংকৰ কলিতাই #

# পাকাবেতবাৰী খণ্ড উন্নয়ন বিষয়াৰ আকস্মিক পৰিদৰ্শনঃ দক্ষিন বেতবাৰী পঞ্চায়তত ৰূপায়িত বিভিন্ন আঁচনিৰ বুজ ললে দিপাংকৰ কলিতাই #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৪ এপ্রিলঃ সম্প্ৰতি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত গ্ৰামাঞ্চলত ৰূপিয়ত হৈ থকা বিভিন্ন আঁচনি পৰহি হঠাৎ পাকাবেতবাৰী  উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪২ নং দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত এলেকাত উপস্থিত হয় পাকাবেতবাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া দিপাংকৰ কলিতাই। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত গ্ৰামাঞ্চলত ৰূপায়িত আঁচনি সমূহ সঠিক ৰূপত ৰূপায়িত হৈ আছে নে নাই তাৰ তদাৰক কৰিবলৈ সিদিনা খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে পঞ্চায়ত এলেকাত ৰূপায়িত হৈ থকা আঁচনি সমূহ পৰিদৰ্শন কৰে। বিষয়া গৰাকীয়ে পাকাবেতবাৰী  উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত এলেকাত প্ৰৱেশ কৰি পঞ্চায়ত এলেকাত এম জি এনৰেগা আঁচনি আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ হৈ থকা পাকাবেতবাৰী  উন্নয়ন খণ্ডৰ অধীনৰ ক্ৰমে  পাকাবেতবাৰী,বন্তিপুৰ, পাকাবেতবাৰী পাম অাৰু খান্দৰকুৰৰ কেইবাটাও  আঁচনি পৰিদৰ্শন কৰি সন্তোষ প্রকাশ কৰে। যদিও অাধৰুৱা হোৱা কাম সমূহ বিষয়া গৰাকীয়ে কনিষ্ঠ  অভিযন্তা পৰেশ ডেকা,এ. ই,ৰুবুল মালাকাৰ, কম্পিউটাৰ এচিষ্টেন ছফিকুল ইছলাম,পঞ্চায়তখনৰ সভানেত্ৰীৰ প্ৰতিনিধি অাজিজুৰ ৰহমান,পঞ্চায়তখনৰ সচিব ময়নুল হক প্ৰধানী,জি অাৰ এছ-দেলবৰ খান সহিত পঞ্চায়তখনৰ বিভিন্ন গাঁও তথা ওৱাৰ্ডত ৰূপায়িত হোৱা  এমজিএনৰেগা অাৰু চতুৰ্দশ বিত্তীয় আঁচনিৰ ক্ৰমে পাকাবেতবাৰী পাম দুৰ্গা মন্দিৰ ৰাইজহুৱা পুখুৰীৰ পাৰ বন্ধা অদি কাম পৰিদৰ্শন কৰি পাকাবেতবাৰী  উন্নয়ণ খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ণ বিষয়া দিপাংকৰ কলিতাই সন্তুষ্টি প্ৰকাশ কৰে যদিও ইয়াৰে একাংশ কাম পৰিপূৰ্ণ নোহোৱাত ভালকৈ কামখিনি কৰিবলৈ নিৰ্ৰদ্দেশ দিয়ে। পাকাবেতবাৰী খণ্ড উন্নয়ন  বিষয়া গৰাকীৰ সতে খণ্ড উন্নয়নটোৰ কৰ্মচাৰী,গাঁও পঞ্চায়তখনৰ কৰ্মচৰী-সদস্যৰ  লগতে কিছু সংখ্যক ৰাইজ উপস্থিত থাকে। অৱশ্যে এই পৰিদৰ্শন কালত আঁচনি সমূহ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময় মতে সমাপ্ত কৰিবলৈ কনিষ্ঠ অভিযন্তা সকলক আহ্বান জনায়। পাকাবেতবাৰী খণ্ড উন্নয়নটোৰ ভাৰপ্ৰাপ্ত  বিষয়া দিপাংকৰ কলিতাই  আঁচনিৰ কাম পৰিদৰ্শন কৰা কাৰ্যত ৰাইজে সন্তোষ প্রকাশ কৰিছে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা