শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ভূগোল বিভাগ আৰু স্বেচ্ছাসেৱী সংগঠন 'আৰণ্যক' সহযোগত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন*
*শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ভূগোল বিভাগ আৰু স্বেচ্ছাসেৱী সংগঠন 'আৰণ্যক' সহযোগত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন*
আমাৰ প্ৰণাম শিৱসাগৰ: স্বেচ্ছাসেৱী সংগঠন "আৰণ্যক" আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগত আজি মহাবিদ্যালয় খনত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব ধৰিত্ৰী দিৱস ২০২২ উদযাপন কৰা হয়। মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰীতা বৰকটকীয়ে ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন উদ্ধোধন কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মহাবিদ্যালয় খনৰ ছাত্ৰী সকলৰ মাজত প্ৰকৃতিৰ সংৰক্ষণ, বহনক্ষম উন্নয়ন আদি বিষয় সামৰি এখন সজাগতা সভাৰ আয়োজন কৰা হয়।এই সভাত মহাবিদ্যালয় খনৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপক ডঃ মেদিনী হাজৰিকাই নিৰ্দ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰে আৰু সামাজিক চেতনা, প্ৰকৃতি সংৰক্ষণ আদিকে ধৰি বিভিন্ন বিষয় সামৰি এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত স্বেচ্ছাসেৱী অনুষ্ঠান আৰণ্যকৰ হৈ হীৰেন দত্ত আৰু প্ৰণৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে।এই দিৱসৰ অনুষ্ঠানতে সৰ্প বান্ধৱ বিশ্বজিত বৰুৱাক বিশেষ সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে
১৯৬৯ চনত চান ফ্ৰান্সিস্ক'ত হোৱা ইউনেস্ক'ৰ (UNESCO) এক আলোচনাচক্ৰত শান্তি উদ্যোগী (peace activist) জন মেককনেলে বিশ্ব শান্তি আৰু পৃথিৱীৰ সন্মানাৰ্থে এই দিনটোৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। ১৯৯০ চনৰ পৰা এই দিৱস সমগ্ৰ বিশ্ব জুৰি পালন কৰি অহা হৈছে। প্ৰত্যেক বছৰৰ ২২ এপ্ৰিলৰ দিনটোত বিশ্বজুৰি এই ধৰিত্ৰী দিৱস পালন কৰি পৰিবেশ আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।
Comments
Post a Comment