নলবাৰীৰ নাহেৰবাৰীত বজাৰ সংযোগ ব্যৱস্থা আৰু পথাৰ দিৱস উদযাপন

 ## 
দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী :: ৩০ এপ্ৰিল ::::  
নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত  আৰু অসম কৃষি বানিজ্য ও গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (APART)  ৰ সহযোগত আজি নলবাৰী জিলাৰ  বড়িগোগ  বনভাগ উন্নয়ন খণ্ডৰ অধীনিস্থ নাহেৰবাৰী গাওত   ৰঙালাও বিক্ৰী বজাৰ ব্যৱস্থা আৰু পথাৰ দিৱস উদযাপন  কৰা হয়। 
নাহেৰবাৰীৰ আদৰ্শ কৃষক প্ৰহ্লাদ সৰকাৰৰ নেতৃত্বত দুমাহ পূৰ্বে প্ৰায় ৫০গৰাকী কৃষকে উন্নত মানৰ সৰিয়হ খেতি কৰি  চৰ্চাৰ লাভকৰাৰ সমান্তৰালকৈ  EW137 উন্নত জাতৰ ৰঙালাউৰ খেতি কৰিও স্বাৱলম্বীতাৰ নিদৰ্শন  দাঙি ধৰিছে । 
প্ৰতিকুল বতৰৰ বাবে কিছু ফচল বিনষ্ট হয় যদিও ১৬ গৰাকী কৃষকে প্ৰায় ৭০মেট্ৰিকটন  উৎপাদন কৰিবলৈ  সক্ষম হয়।
আনহাতে  আজি কৃষক সকলৰ  ৰঙা লাও সমূহ  ঘৰৰ পৰা উপযুক্ত দৰত বিক্ৰীৰ বাবে এপাৰ্টৰ জিলা মাৰ্কেটিঙ সমন্বয়ক সত্যেন তালুকদাৰ, ডি এইটচ, চি নয়ন কলিতাই কৃষক সকলক ব্যৱসায়ীৰ লগত সংযোগ স্থাপন কৰি ৰঙালাও সমূহ বজাৰত বিক্ৰীৰ বাবে ব্যৱস্থা  গ্ৰহন কৰি দিয়ে ।   আজি বজাৰ সংযোগ ব্যৱস্থা আৰু পথাৰ দিৱসত  উপস্হিত থাকি কৃষক সকলক উৎসাহ যোগায়  এপাৰ্টৰ  নলবাৰী জিলা সহকাৰী সঞ্চালক যোগেশ্বৰ ৰাজ মেধী, খণ্ড কাৰিকৰী-কৌশল পৰিচালক( বি টি এম) জিণ্টু ৰাজবংশীয়ে ।   এপাৰ্টৰ ফালৰ পৰা  ৰঙালাও বীজ  সাৰ দিয়াৰ লগতে দিহাপৰামৰ্শ দি কৃষক সকলক সহযোগ কৰাত  কৃষক সকল  উৎসাহিত হয় বুলি কোৱাৰ লগতে  এপাৰ্ট সমূহ  বিষয়া - কৰ্মচাৰীক  ধন্যবাদ জ্ঞাপন কৰে আদৰ্শ কৃষক প্ৰহ্লাদ সৰকাৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা