ৰঙিয়াৰ চৰকাৰী চিকিৎসালয়ত ৫২ টাৰো অধিক অস্ত্ৰোপচাৰ , উপকৃত দুখীয়া ৰোগী ।

দৈনিক আমাৰ প্ৰণাম সেৱা ,  ৰঙিয়া ,  ২৮ এপ্ৰিল :


চৰকাৰী স্বাস্থ্য খণ্ডৰ স্বাস্থ্য সেৱাৰ প্ৰতি থকা জনসাধাৰণৰ ধাৰণাৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ।চিকিৎসালয় খনৰ উপ অধীক্ষক ডাঃদিলিপ কুমাৰ বৈশ্যৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্য কৰ্মী সকলৰ আশাশুধীয়া প্ৰচেষ্টাত বিগত তিনিমাহৰ পৰা বৰ্তমানলৈ সফলভাবে  ৫২ টাৰো অধিক সৰু-বৰ অষ্ট্ৰোপচাৰ সম্পন্ন হোৱাত সাধাৰণ ৰাইজৰ মুখত হাহি বিৰিঙা পৰিলক্ষিত হৈছে।এপেনণ্ডিক্স ,হাৰণিয়া আদিৰ দৰে  ৰোগত আক্ৰান্ত ৫২ টাৰো অধিক ৰোগীৰ  অস্ত্ৰোপচাৰ বিনামূলীয়াকৈ সম্পন্ন কৰা হৈছে ।চিকিৎসালয়খনৰ শৈল চিকিৎসক ডা: পিকুলি হাজৰিকাৰ বিশেষ উদ্যোগত ডা:মিণ্টুমণি দাস ,ডাঃ ত্ৰৈলোক্য নাথৰ সহযোগত ইতিমধ্যে সম্পন্ন হোৱা অস্ত্ৰোপচাৰৰ পাছত আৰোগ্য হৈ উঠিছে ৰোগীসকল । ৰাজ্যৰ চৰকাৰী স্বাস্থ্য সেৱাৰ প্ৰতি থকা জনসাধাৰণৰ সাধাৰণ ধাৰনাৰ বিপৰীতে  মহকুমা অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপে স্বাভাৱিকতে আশাৰ সঞ্চাৰ কৰিছে ৰঙিয়া বাসীৰ মনত । বিশেষকৈ পৰ্যাপ্ত সা-সুবিধা উপলদ্ধ নোহোৱাৰ পিছতো চিকিৎসক
ডা: পিকুলি হাজৰিকাৰ টিমটোৰ চেষ্টাত সাধাৰণ ৰাইজ উপকৃত হবলৈ সক্ষম হৈছে  । সাধাৰণ ৰাইজে যাতে চিকিৎসালয়খনত অনাগত দিনতো এনেধৰণৰ চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব বুলি চিকিৎসা লয়খনৰ উপ অধীক্ষক ডা: দিলীপ কুমাৰ বৈশ্যই জানিব দিয়ে ।

Comments