নগাঁৱত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুনৰীক্ষণ বৈঠক##

নগাঁৱত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুনৰীক্ষণ বৈঠক##
বিশেষ বাৰ্তা নগাঁও,২২এপ্ৰিল:অসমৰ বন,আবকাৰী,মীন।আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ্য আজি নগাঁৱত এখন পুনৰীক্ষণ বৈঠকত মিলিত হয়।নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুস্থিত এই বৈঠকত মন্ত্ৰী গৰাকীয়ে তেওঁৰ বিভাগৰ অধীনস্থ বন,মীন  আৰু আবকাৰী বিভাগৰ কামকাজৰ পৰ্যালোচনা কৰাৰ লগতে কামৰ অগ্ৰগতিৰ বুজ লয়।মন্ত্ৰী গৰাকীয়ে তিনিওটা বিভাগৰ বিষয়া সকলক বিভাগীয় কাম কাজ সমূহ নিষ্ঠা সহকাৰে কৰিবলৈ নিৰ্দেশ দিয়ে।চৰকাৰৰ আচনি সমূহৰ সঠিক ৰূপায়নৰ ওপএৰতো গুৰুত্ব আৰোপ কৰে মন্ত্ৰী গৰাকীয়ে।ইপিনে সংবাদ মাধ্যমৰ আগত
মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে বৰ্তমানৰ চৰকাৰৰ দিনত অসমত দ্ৰুত উন্নয়ন হৈছে। মূখ্যমন্ত্ৰী ড,হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সকলো  জাতি - জনগোষ্ঠীৰ বিকাশৰ হকে কাম কৰি থকা হৈছে‌ বনাঞ্চলৰ বেদখলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে‌। বৈঠকত নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিবৰে, তিনিওটা বিভাগৰ বিষয়া সকলৰ লগতে জিলিকি প্ৰশাসনৰ উচ্চ বিষয়া সকল উপস্থিত থাকে।বৈঠকৰ আৰম্ভণি তে মন্ত্ৰী গৰাকীয়ে গছপুলি ৰোপণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা