নলবাৰীত এজেৱাইচিপি ৰ অনলাইন প্ৰবন্ধ প্ৰতিযোগিতা

### ####       দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী,২৯ এপ্ৰিল-:::     অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিৰ উদ্যোগত জাতীয় শ্বহীদ তথা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুতিথি উপলক্ষে "থলুৱাৰ থলগিৰী অসমত চলিবলৈ হ'লে, থলুৱাৰ কৰণীয় কি?" শীৰ্ষক বিষয়ত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক অনলাইন প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা আৰু সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি বৰ্মনে  জনোৱা মতে  প্ৰতিযোগীসকলে লেখাসমূহ ই-মেইল বা হোৱাটচ্এপ যোগে প্ৰেৰণ কৰিব পাৰিব। প্ৰতিযোগীসকলে প্ৰবন্ধৰ লগত নিজৰ নাম, যোগাযোগ নম্বৰ আৰু সম্পূৰ্ণ ঠিকনা প্ৰেৰণ কৰিব লাগিব। যিকোনো বয়সৰ ব্যক্তিয়ে প্ৰবন্ধ প্ৰেৰণ কৰিব পাৰিব। প্ৰবন্ধসমূহ অহা ১২ মে'ৰ সন্ধিয়া ৫ বজাৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। প্ৰবন্ধসমূহ নিৰ্দিষ্ট বিচাৰকৰ দ্বাৰা বাচনি কৰি প্ৰথম, দ্বিতীয়, তৃতীয় বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব। ইচ্ছুক প্ৰতিযোগীসকলক  Email ID- ajycpnalbarichaharcommittee@gmail.com ত নতুবা হোৱাটছ এপযোগে ৭০০২১৬৯০৪০, ৯১০১৮৩৩৭৬৪, ৭০০২১৮৩৬৭৩ নম্বৰত লেখা সমূহ পঠিয়াবলৈ উদ্যোগতা  আহ্বান জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা