খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক অভিনন্দন*

*খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক অভিনন্দন*
আমাৰ প্ৰণাম শিৱসাগৰ : শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত অভিভাৱকসকলৰ দ্বাৰা আজি ছাত্ৰ-ছাত্ৰীসকলকসকলক লৈ এখন অভিনন্দন  সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ ২০২১ বৰ্ষৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বছৰেকীয়া পৰীক্ষাৰ ফলাফলত প্ৰতিটো বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল সেইসকল ছাত্ৰ-ছাত্ৰীক অভিভাৱক সকলে গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ বাবে একোখনকৈ মূল্যৱান গ্ৰন্থ প্ৰদান কৰি অভিনন্দন জনায়।এই উদ্দেশ্য বিদ্যালয়ৰ বীৰ চিলাৰায় ভৱনত অনুষ্ঠিত সভাত সভাপতিত্ত কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক হীৰেণ কুমাৰ নেওগে।উদ্দেশ্য বাখ্যা কৰে অভিভাৱক তথা পক্ষীপ্ৰেমী হীৰেণ দত্তই। ঠেকেৰাতল মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বিনোৱা টায়েই বিদ্যালয়খনৰ  অভিভাৱকসকলৰ দ্বাৰা আয়োজিত সভাখনত ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ উপহাৰ দি অধ্যয়নমুখী কৰা প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে বেচৰকাৰী বিদ্যালয়ৰ বিপৰীতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত এনে প্ৰচেষ্টা হাতত লোৱা বাবে অভিভাৱকসকলক প্ৰশংসা কৰে। তেখেতে ঘৰত সজাই ৰখা দামী পুতলা,ফূলদানীৰ পৰিবৰ্তে আলমাৰিত  কিতাপ  ৰাখিবলৈ আহবান জনায়।সভাত দিখৌমুখ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড: প্ৰাঞ্জল বড়াই গ্ৰন্থ অধ্যয়নে ছাত্ৰ-ছাত্ৰীসকলৰ মন-মগজু আৰু শৰীৰত কেনেদৰে যোগাত্মক প্ৰভাৱ পেলাই তাক বৈজ্ঞানিক বিশ্লেষণৰে আগবঢ়ায়।গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ,শিক্ষাবিদ টোখেশ্বৰ বৰঠাকুৰে গ্ৰন্থৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ শলাগ লয় আৰু অভিভাৱক ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মূল্যৱান পৰামৰ্শ প্ৰদান কৰে। সভাৰ আৰম্ভণিতে শিক্ষক বিজয় কুমাৰ বড়াই অভ্যাগতসকলক আদৰণি জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা