নলবাৰী জিলা উপায়ুক্তক স্মাৰকপত্র প্ৰদান অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ নলবাৰী জিলা সমিতিৰ

## নলবাৰী জিলা উপায়ুক্তক স্মাৰকপত্র প্ৰদান অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ নলবাৰী জিলা সমিতিৰ                               ##        দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী ২২ এপ্ৰিল- নলবাৰী জিলাৰ বানেকুছিস্থিত জৱাহৰ নবোদয় কেন্দ্ৰীয় বিদ্যালয়ত নতুন নামভৰ্তিৰ বাবে অনুষ্ঠিত  প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত  বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা সন্দৰ্ভত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে নলবাৰী জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। অহা ৩০ এপ্ৰিলত জৱাহৰ নৱোদয় কেন্দ্ৰীয় বিদ্যালয়ৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হব। উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰি পঞ্জীয়ন কৰিছিল যদিও একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৱেৱছাইটৰ পৰা প্ৰৱেশ-পত্ৰ ডাউনলোড কৰাত অসুবিধাৰ সন্মুক্ষীণ হৈছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ ভয়ত শংকিত হৈ পৰিছে। সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাধাৰণ সম্পাদক কৌশিক বৰ্মন স্বাক্ষৰিত এখন স্মাৰক পত্ৰ নলবাৰী জিলাৰ উপায়ুক্তক প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী সকলক  প্ৰৱেশ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে।লগতে পৰীক্ষা নিয়ন্ত্ৰকৰ গাফিয়লতিৰ বাবে ছাত্ৰ ছাত্ৰীক কোনো কাৰণতে গিনিপিগ সজাবলৈ দিয়া নহ'ব, ইয়াৰ সঠিক তদন্ত আৰু  সকলো ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্ত্তিৰ জটিলতা আতৰ নহ'লে ইয়াৰ বিৰুদ্ধে তীব্ৰ গনতান্ত্ৰিক কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সাধাৰণ সম্পাদক কৌশিক বৰ্মনে  জানিব দিয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা