খাৰুপেটীয়াত গৰুসহ ৩ চুৰক আটক আৰু দলগাৱঁত গাঞ্জাসহ যুৱক আটক

 ।

জব্দ গৰু কঢ়িওৱা ডি, আই বাহন আৰু গাঞ্জা কঢ়িওৱা ই-ৰিক্সা ।

দৈনিক আমাৰ প্ৰণাম সেৱা: দলগাওঁ: ২৯ এপ্ৰিল : দলগাওঁ-খাৰুপেটীয়াত যেন দিনক দিনে বৃদ্ধি পাব ধৰিছে চোৰাং গৰুৰ লগতে নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ । দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা এটা গৰু সহ আটক কৰে তিনিটা গৰু চুৰক । অটকাধিন চুৰ তিনিটাৰ নাম ছালিম উদ্দীন, আলফাজ উদ্দিন আৰু কুব্বাত আলী । চুৰৰ সৈতে আৰক্ষীয়ে এটা গৰু সহ ডি, আই বাহন জব্দ কৰিবলৈ সক্ষম হয় । বৃহস্পতিবাৰে নিশা খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰাই আৰু চি, আই অচ্যুত দত্তই এক গোপন খবৰৰ ভিত্তিত পশ্চিম বাহাবাৰী গাঁৱত AS 25DC 4325 নম্বৰৰ বাহনেৰে গৰু চুৰি কৰি লৈ যোৱা অৱস্থাত তিনি চুৰক কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰে । ঘটনাৰ লগত বৃহৎ চক্ৰ জড়িত থকাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে । এনে ঘটনাৰ জড়িত থকা চক্ৰৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইফালে একেটা দিনাই দলগাঁও আৰক্ষীয়ে ৫ কেজি গাঞ্জাৰ সৈতে এজন গাঞ্জা সৰবৰাহকাৰী আৰু এজন ই-ৰিক্সা চালকক আটক কৰিবলৈ সক্ষম হয়  । গাঞ্জা কঢ়িওৱা ই-ৰিক্সাও জব্দ কৰে আৰক্ষীয়ে ।  জানিব পৰা মতে দলগাঁৱৰ বিভিন্ন অঞ্চলত গাঞ্জা বিক্ৰী কৰি আহিছিল সৰবৰাহকাৰীয়ে । দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈ আৰু  উপ-পৰিদৰ্শক পিংকু শৰ্মাৰ নেতৃত্বত দলগাঁও আৰক্ষীয়ে দৈপামৰ বালিগাঁৱত ই-ৰিক্সাত পাচলি ভৰ্তি বেগত গাঞ্জা লৈ আহি থকা অৱস্থাত ই-ৰিক্সা চালকৰ সৈতে এজন যুৱক আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন  লোক দুজন লোকমান আলি (বালিগাঁও) আৰু আমিনুল হক (বেছিমাৰী) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা