বঙাইগাঁৱ কোকিলাত শশ বিঘা মাকৈ খেতি নষ্ট

। 

কোকিলাৰ প্ৰতিবেদক ২৭ এপ্ৰিলঃ-বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলা অঞ্চলৰ শশ মাকৈ খেতিয়কে প্ৰকৃতিৰ ৰোষত পৰি হাহাকাৰ কৰিব লগীয়া হৈছে ।ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিয়ে মাকৈ খেতি ওবালি পেলোৱাত হেজাৰ হেজাৰ বিঘা খেতি নষ্ট হব ধৰিছে ।কোকিলা নয়াপাৰা, মাজপাৰা, মৌলভীপাৰা, চাকলা, নাম্বাৰপাৰা, গোলাপাৰা, কদমতলি, কীৰ্তনপাৰা, বালাৰচৰ, ৰঙাপানী, শৌলমাৰী আদি কৰি বহু গাৱঁত নিজ খৰছত জাকত জিলিকা কৈ গঢ়ি তুলিছিল মাকৈ খেতি। সেই খেতিত ধুমুহা বৰষুণৰ বাবে নষ্ট হোৱাত কৃষকে মূৰে কপালে হাত দিব লগীয়া হৈছে। ক্ষতিগ্ৰস্ত কৃষকক কৃষিবিভাগ তথা    চৰকাৰক সহায় কৰিবলৈ কাতৰ  অনুৰোধ জনাইছে কৃষক সকলোৱে। 

প্ৰেৰকঃ কুৰবান আলী আহমেদ, কোকিলা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা