জেং বিহু ’
’ জেং বিহু ’
🖊️ প্রাণজিৎ ৰায় চৌধুৰী
জেং বিহু সম্পৰ্কে বিভিন্ন আলোচকে বিভিন্ন মতামত পোষণ কৰিছে যদিও জেং বিহুৰ নামটোৰ আচল সত্যটো এতিয়াও উদঘাটন হোৱা নাই যেন লাগে ৷ নামনি অসমত জেং ৰ অৰ্থ পাত নথকা ঠাল ঠেঙুলি ৷ আৰু জেং পুতি ডাল পাত লগাই কৃত্ৰিম গছৰ সৃষ্টি কৰি বিহু পতা বাবে জেং বিহু নামটো হোৱা বুলি ভাবে ৷
সংস্কৃতিৰ সাধক প্ৰদীপ চলিহাৰ মতে টাই ( আহোম) ভাষাৰ শব্দ ’ পঈ নাং জেং’ ৰ পৰা জেং বিহু ওলোৱা বুলি অনুমান কৰে ৷ শ্ৰী চলিহাদেৱৰ ভাষাত ’ আহোম সকলে পোনতে সৌমাৰ সোমাওঁতে হয়তো বিহুৰ বতৰত অসমৰ আদিম নিবাসী মৰান বৰাহী আদিৰ স্বাধীনচিতীয়া গাভৰু সকলে জুমে জুমে গছৰ তলত বিহু পতা দেখি তেওলোকে ’ জেং নাং পঈ’ বুলি কৈছিল " কালক্ৰমত আহোম সকলে থলুৱা অসমীয়া ভাষা আদৰি লোৱা বাবে সেই টাই শব্দ পাহৰি গ’ল ৷ পৰবৰ্তী কালত গোটেই নামটোৰ একাংশ হেৰুৱাই জেং বিহু নাম ৰ’লগৈ ৷
ড.মহেশ্বৰ নেওগে লিখা প্ৰবন্ধত জেং বিহুৰ কথা পঢ়িবলৈ পায় ৷ ড. নেওগদেৱে লিখিছে " শিৱসাগৰ জিলাৰ তেপৰ বৰচহকী গাৱঁৰ ছগৰাকী কঁকালপৰা বুঢ়ী বিহুৱতীৰ যি জেং বিহু দেখিলোঁ ইয়াৰ মাজতো হয়তো বিহুৰ আচল ৰিচুৱেল ৰূপটো লুকাই আছে ৷ এই জেং বিহু হেনো মাজনিশা ক’ৰবাত পথাৰৰ মাজত হয় ৷বুঢ়ী ভকতী বিহুৱতী সকলে হেনো বিহু মৰা ঠাইত শুকান জেং কেইডালমান থিয়কৈ লগায় আৰু পিছত সেউজীয়া পাত লগাই দিয়ে ৷
আজি আমি যাক জেং বিহু বুলি কওঁ সেয়া আচলতে প্ৰকৃত জেং বিহু নহয় ৷ আজিৰ জেং বিহুৰ লগত তাহানিৰ উজনিৰ গাওঁবোৰত গাভৰু ছোৱালীয়ে পতা ’ গছতলৰ বিহু’ ৰ সাদৃশ্য আছে ৷ আৰু কালক্ৰমত গাভৰু বিহু মঞ্চলৈ উঠি কৃত্ৰিম শুকান ঠাৰিৰে সেউজীয়া পাত লগাই জেং বিহু নাম পালে ৷
জেং বিহু শব্দটো কিমান প্ৰাচীন বা অৰ্বাচীন সেই মন্তব্য দিয়াও কঠিন৷ বিহুগীতৰ লগত জেং বিহু শব্দটো সোমাই আছে
তামোল কাটি কাটি অকলে নাখাবা
আমাকো এখনি দিব ,
জেং বিহু চাবলৈ অকলে নাযাবা
আমাকো লগতে নিবা ৷
জেং বিহ শোনিতপুৰ অঞ্চলৰ নদুৱাৰ অঞ্চলতো আছে। কবি কেশৱ মহন্তদেৱে লিখা মতে গছ এডালত গামোচা বান্ধি গাভৰু বা আয়তী সকলে জেং বিহু পাতে ৷ গছডালক কোনো কোনোৱে পুৰুষৰ প্ৰতীক বুলিও ভাবে ৷ জেং বিহুত পুৰুষৰ প্ৰবেশ নিষেধ ৷ এই বিহুত ঢোল তাল নবজায় ৷ টকা বজায় ৷ গমিৰি কলাবাৰী অঞ্চলতো জেং বিহুৰ প্ৰচলন আছে।
এইদৰে বিহুৰ বিশুদ্ধ ৰূপ আজিকালি পাবলৈ নাইকিয়া হবলৈ ধৰিছে ৷ আৰু উপাদান সমুহো কালৰ গৰ্ভত নহোৱা হবলৈ ধৰিছে ৷
Comments
Post a Comment