বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীলৈ অভিনন্দন #

# বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীলৈ অভিনন্দন # 

প্ৰধীপ কুমাৰ সৰকাৰ,বৰপেটা,২৩ এপ্ৰিলঃ ১৮৭১ চনতে বৃটিছ চৰকাৰৰ শাসন কালত বৰপেটা চহৰৰ মৰানদীৰ প্ৰকৃতিৰ এক নৈসৰ্গিক স্হানত গঢ়ি উঠিছিল নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। পোন্ধৰ বিঘা এক কঠা ৪ লেছা মাটিত পৰিবেষ্টিত এই বিদ্যালয়খন আজি অসমৰ এখন সুনামী চৰকাৰী শিক্ষানুষ্ঠান হিচাপে জনাজাত।  সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকা দেৱৰ তেওঁৰ 'স্মৃতিলেখা' গ্ৰন্থত পোৱা যায়, বিদ্যালয়খনত শিক্ষকতা কৰা কালচোৱাত গুৱাহাটীৰ পৰা ৰঙিয়া হৈ, ৰঙিয়াৰ পৰা নাৱেৰে আহি মৰানদীৰ পাৰত তেওঁ নামি স্কুলত ভৰি দিছিল। যোগেন সান্নাল,কমালা কান্ত দাস,ৰাম চৰণ সিং,গোপাল গোবিন্দ কৰ, অম্বেশ ঘটক,কালী মোহন সেনগুপ্ত,গিৰীশ চন্দ্ৰ ৰায়চৌধুৰী, সু-সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকা আদি বহু কেইগৰাকী বৰেণ্য পুৰুষে শিক্ষকতা কৰি বিদ্যালয়খন মহিয়ান কৰাৰ লগতে বিদ্যালয়খনত ভাষাবিদ ড° বাণীকান্ত কাকতি, শিক্ষাবিদ কামেশ্বৰ দাস, কৰ্ণেল গুৰু প্ৰসাদ দাস,ড° হিৰণ্য কুমাৰ ভুঞা, জিতেন্দ্ৰনাথ দাস,ড° নিৰ্মল কুমাৰ চৌধুৰী,ভ° গজেন্দ্ৰ নাথ তালুকদাৰ, প্ৰসন্নলাল চৌধুৰী,বীৰেশ্বৰ বৰুৱা, আদি অগনন বৰেণ্য ব্যক্তি,সাহিত্যিক তথা মহান পুৰুষ সকলে শিক্ষা গ্ৰহণ কৰি মহীয়ান কৰা বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি অসমৰ এখন জাকত জিলিকা শিক্ষানুষ্ঠান। আহল বহল,সুশোভিত ভৱন,এখন সুন্দৰ খেলপথাৰ, মৰানদীৰ নান্দনিক প্ৰাকৃতিক পৰিবেশত বৰপেটা চহৰৰ সন্মান কঢ়িয়াই অনা এইখন শিক্ষানুষ্ঠান অকল শিক্ষাতেই যে, ব্ৰতী এনে নহয়, ক্ৰীড়া ক্ষেত্ৰৰ লগতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই বিদ্যালয়ৰ ছাত্ৰই ক্ৰীড়া জগতত সুনাম কঢ়িওৱা আৰু অসম তথা সৰ্ব ভাৰতীয় ক্ষেত্ৰত যশস্যা বোটলাৰ উদাহৰণ অনেক আছে। আনকি ফুটবলৰ ক্ষেত্ৰত এতিয়া বিদ্যালয় খনে যদিও মান ৰাখিব পৰা নাই, কিন্তু কিছু বছৰ আগলৈকে চৰকাৰী হাইস্কুলৰ ফুটবল দলে বৰপেটা ফুটবলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল। অসমৰ স্বনামধন্য শিক্ষানুষ্ঠান হিচাপে পৰিগণিত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বয়স এতিয়া ১৫০ বছৰ। বিদ্যালয়খনৰ উদ্যোগত আজি আৰু কাইলৈ বিস্তৃত কাৰ্যপন্থা লৈ ডেৰশ বছৰীয়া জন্মজয়ন্তী পালনৰ দিহা কৰিছে। জন্ম জয়ন্তী উপলক্ষে আমি সমুহ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ লগতৰ জন্ম জয়ন্তীৰ কাৰ্যসূচী সাফল্য মণ্ডিত হোৱাৰো কামনা কৰিলোঁ। আৰু আশা কৰোঁ বৰপেটাৰ সম্পদ এই বিদ্যালয়ে শৈক্ষিক, বৌদ্ধিক, ক্ৰীড়া, সংস্কৃতি, অভিনয় আদি সকলো দিশত অধিক গুৰুত্ব প্ৰদান কৰক আৰু দোপদদোপে অগ্ৰগতি লাভ কৰক, এয়াই আমাৰ কাম্য। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা