দক্ষিণ-পশ্চিম ৰঙিয়া আঞ্চলিক বিহু সন্মিলন সফলতাৰে উদযাপন


 দৈনিক আমাৰ প্ৰনাম সেৱা, ৰঙিয়া,২৮ এপ্ৰিলঃ৪৬ তম দক্ষিন পশ্চিম ৰঙিয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনখনিৰ  অলপতে এদিনিয়া কাৰ্য্যসুচী সফলতাৰে ৰূপায়ণ কৰা হয়৷তদুপলক্ষে আয়োজিত কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰতুল ভূঞাই৷স্মৃতি তৰ্পণ কৰে বিহুৰ প্ৰতিস্হাপক   সম্পাদক কনক চন্দ্ৰ হালৈয়ে৷ শিক্ষক জয়চন্দ্ৰ দাসে ছহিদ তৰ্পণ কৰাৰ পাছত গছপুলি ৰোপন কৰে  তপন চন্দ্ৰ ভূঞাই ।বিহুৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি

বিভিন্ন খেল ধেমালি, সাহিত্য প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । আনহাতে নিশা আমন্ত্ৰিত বিহু হুচৰি দলৰ লগতে বাৰে ৰহনীয়া নৃত্য গীত পৰিবেশন কৰা হয় ।উল্লেখ্য যে পৰিচালনা সমিতিয়ে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা একলাখ পঞ্চাশ হাজাৰ টকাৰ 

অৰ্থ সাহায্যৰে  উদযাপন কৰিবলৈ সক্ষম হোৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে উদযাপন সমিতিয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা